বিশেষ বাৰ্তা, ৬ জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ ২৩ গৰাকীকৈ ছাত্ৰ – ছাত্ৰীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। এই স্থানপ্ৰাপ্ত সকল পাচখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী। নগাঁও চহৰৰ চাৰিখন এনে শিক্ষানুষ্ঠানৰ ২২ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়। অকল ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ১৯গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনে। ১৯গৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰাত শিক্ষানুষ্ঠানখনত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়। শিক্ষানুষ্ঠানখনৰ শিক্ষক -শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে নৃত্য গীত পৰিৱেশন কৰি আনন্দত আত্মহাৰা হৈ পৰে। ফলাফলক লৈ উৎফুল্লিত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে নগাঁও চহৰত এক বিশাল শোভাযাত্ৰা উলিয়াই। উল্লেখ্য যে ২০০৫ চনত স্হাপিত শিক্ষানুষ্ঠানখনৰ পৰা বৰ্তমান সময়লৈকে মুঠ ৮৮ জন শিক্ষার্থীয়ে উচ্চতৰ মাধ্যমিক বিজ্ঞান আৰু কলা শাখাত ৰাজ্যখনৰ ভিতৰতে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে এইবাৰ শিক্ষানুষ্ঠানখনে ইতিহাস ৰচি এই সফলতা লাভ কৰিবলৈ সক্ষম হয়।শিক্ষানুষ্ঠান খনৰ পৰা বিজ্ঞান শাখাত ১১ গৰাকী আৰু কলা শাখাত ৮ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়। ইপিনে নগাঁও চহৰৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল,আলফা বিটা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ,নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু হোজাইৰ শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা এজনকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা স্থান লাভ কৰা সকল হ’ল -বিজ্ঞান শাখাত প্ৰথম স্থান নিখিলেশ দত্ত, দ্বিতীয় স্থানত ক্ৰমে বিশ্বজ্যোতি দাস,ঋষভ উপাধ্যায় আৰু অৰিজিৎ ৰয়, তৃতীয় স্থানত প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া, চতুৰ্থ স্থানত সত্যজিৎ কামান, ষষ্ঠ স্থানত ভাৰ্গৱ শিৱম, সপ্তম স্থানত বিকাশ জ্যোতি চহৰীয়া, অষ্টম স্থানত শতৰূপা বৰকাকতি ,দশম স্থানত ক্ৰমে কৃশা ডেকা আৰু অভিলাষা হিমাশ্ৰী দাস।একেদৰে কলা শাখাত প্ৰথম স্থানত সংকল্পজিৎ শইকীয়া, দ্বিতীয় স্থানত দিয়া মহন্ত,চতুৰ্থ স্থানত চুক্লেনমুং চেতিয়া, পঞ্চম স্থানত ছেখ চনিয়া টাছনিম ৰহমান, সপ্তম স্থানত স্বৱনম শইকীয়া, অষ্টম স্থানত জেৰিফা আহমেদ, দশম স্থানত ক্ৰমে মৃন্ময় কুমাৰ বৰা আৰু ৰক্তিমা পাটৰ। আনহাতে কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা কলা শাখাত দশম স্থানত কৃষ্টিনা দেৱী, আলফা বিটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা বিজ্ঞান শাখাত নৱম স্থান হিমানীশ দত্ত, নৱৰূপ জাতীয় বিদ্যাপীঠৰ পৰা কলা শাখাত তৃতীয় স্থানত শ্ৰেয়া সৰকাৰ আৰু হোজাইৰ শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা বাণিজ্য শাখাত দ্বিতীয় স্থানত জিমি ঘোষ। নগাঁও জিলাত ২৩ গৰকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰি উৰ্ত্তীণ হোৱাত জিলাখনত উছাহৰ ধল বয়। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী সদৌ নগাওঁ জিলা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ -,ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আদিয়ে সফলতাৰ বাবে শিক্ষাৰ্থী সকলক আভিনন্দন জ্ঞাপন কৰিছে। ইপিনে ১৯ গৰাকীকৈ শিক্ষাৰ্থীয়ে ৰাজ্যখনৰ ভিতৰত স্হান লাভৰে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সফলতাক অধিক উজ্বলি উঠাত সন্তুষ্টি প্ৰকাশ কৰি শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই কয় যে এয়া হৈছে কষ্টৰ ফল। ছাত্ৰ-ছাত্রীসকলে শিক্ষকৰ নিৰ্দেশ মানি কৰা শ্ৰমৰ বাবে এনে সফলতা সম্ভৱ হৈছে। বিগত সময়ত প্ৰতিবছৰে ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী সকলে প্ৰদৰ্শন কৰি অহা ঈৰ্ষণীয় ফলাফলক লৈ একাংশই সমালোচনা কৰা কাৰ্যৰ আজি শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্রীসকলে যোগ্য প্ৰত্যুত্তৰ দিয়া বুলি মন্তব্য কৰি অধ্যক্ষ বৰাই লগতে কয় যে সাহস আৰু সততাক সাৰথি কৰি যোগাত্মক দৃষ্টিভংগীৰে কৰা কামৰ ফল সদায় ভাল হয়।
প্ৰেৰক কনক হাজৰিকা