নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত শীর্ষস্থান লাভ ঢকুৱাখনা অংশুমানৰ

নিয়মীয়া বাৰ্তা, ৪ জুলাই : আজি ঘোষণা কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক চূডান্ত বর্ষৰ পৰীক্ষাত ঢকুৱাখনাৰ জীয়ামৰীয়া গাঁৱৰ মেধাৱী ছাত্ৰ অংশুমান কোচে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই আনিছে। অংশুমান কোচে ঢকুৱাখনা মহাবিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীর্ণ হৈ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত অসমীয়া বিষয়ত প্রথম শ্রেণীৰ প্রথম স্থান (অসমীয়াৰ শ্ৰেষ্ঠ স্নাতক) লাভ কৰিবলৈ সক্ষম হয়৷ ছাত্ৰজনে ৯.০০ পইন্টসহ O (Outstanding) গ্ৰেড্ লাভ কৰিছে। সমগ্ৰ বিশ্ববিদ্যালয়ৰ ভিতৰত কলা শাখাত O গ্ৰেড্ দুগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে। তাৰে এজন ঢকুৱাখনা মহাবিদ্যালয়ৰ অংশুমান কোচ।আর্থিকভাৱে অতি দুর্বল পৰিয়ালৰ ছাত্র অংশুমান কোচে শৈক্ষিক উত্তৰণত যি কৃতকাৰ্যতা প্ৰদৰ্শন কৰিলে সেয়া নৱ প্ৰজন্মৰ বাবে নিশ্চয়কৈ আদৰ্শণীয় বুলি মত প্ৰকাশ কৰিছে বৌদ্ধিক মহলে৷ ছাত্ৰজনৰ এই সাফল্যই মহাবিদ্যালয়খনৰ লগতে ঢকুৱাখনাত আনন্দৰ জোৱাৰ তুলিছে৷ অংশুমান কোঁচে সৰুৰে পৰাই গল্প, কবিতা, প্ৰৱন্ধকে ধৰি সাহিত্য চৰ্চা কৰি আহিছে। অধ্যয়নপ্ৰিয় ছাত্ৰজনে ২০২২-২৩ বৰ্ষত ঢকুৱাখনা মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিক হিচাবেও সন্মানিত হৈছে। ঢকুৱাখনাৰ জীয়ামৰীয়া গাঁৱৰ যতীন কোচ আৰু ৰঞ্জনা কোচৰ একমাত্ৰ সুযোগ্য পুত্ৰ অংশুমান কোচে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড°যোগানন্দ সূত, উপাধ্যক্ষ চিত্ৰ কুমাৰ কোঁচ,অধ্যাপক মনোৰঞ্জন বৰদলৈৰ লগতে অন্যান্য অধ্যাপক-অধ্যাপিকাসকলৰ সহযোগিতাৰ বাবেই এই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি বুলি ‘নিয়মীয়া বাৰ্তা’ক সদৰী কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like