নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেহেলগাম-ত প্রাণৰ মমতাত পলাইছিল পর্যটক

🔹 সন্ত্রাসবাদৰ সাক্ষী হ’ল তেজৰ চেকুৰা

🔹 ৰক্তাক্ত পেহেলগাম-ত ৪ দিন

লুইত  নীল ডন : সেয়া আছিল ২৩ এপ্রিল৷ নিউজ ৰুমত ব্যস্ততা৷ পেহেলগামৰ সন্ত্রাসবাদীৰ আক্রমণক লৈ মুহূর্তে মুহূর্তে আহিছে খবৰ৷ নতুন নতুন ভিজুৱেল আৰু বহুজনৰ ইণ্টাৰভিউ বাৰে বাৰে আমি ‘নিউজ লাইভ’ত সম্প্রচাৰ কৰিছিলোঁ৷ তেতিয়া প্রায় ১১ বাজিছিল৷ নিউজ ৰুমত ব্যস্ততা আৰু বৃদ্ধি হৈছিল৷ হঠাতে মই ক’লোঁ, কাশ্মীৰ যাওঁ নেকি? লগে লগে মোক আমাৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনে ক’লে- গুচি যোৱা৷ লগে লগে মই আৰু জ্যেষ্ঠ কেমেৰাপার্ছন কমল ৰয় যোৱাৰ প্রস্তুতি চলালোঁ৷ বিয়লি ৩ বাজি ৩০ মিনিটত দিল্লীলৈ আমাৰ বিমান আছিল৷ আৰু নিশা ৮.২০ বজাত দিল্লীৰ পৰা শ্রীনগৰ৷ খুব তৎপৰতাৰে আমি ৰাওনা হ’লোঁ৷ বিমানবন্দৰত কিছু দৌৰাদৌৰি হৈছিল যদিও কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ নিশা প্রায় ১১ বজাত শ্রীনগৰ পালোঁ৷ দিল্লীৰ পৰা শ্রীনগৰলৈ যোৱা বিমানখনত যাত্রী প্রায় নাছিলেই৷ আমাক ধৰি মাত্র ১০জন যাত্রী লৈ স্পাইছ জেটৰ বিমানখনে উৰা মাৰিছিল৷ গুৱাহাটীত থাকোঁতেই মই মোৰ চিনাকি চালক এজনক যোগাযোগ কৰিছিলোঁ৷ ইয়াৰ ফলত বিমানবন্দৰৰ পৰা হোটেললৈ যোৱাত কোনো অসুবিধা নহ’ল৷ সমস্যা হৈছিল কমলৰ৷ কাৰণ কাশ্মীৰত কোনো প্রি–পেইড ছীমে কাম নকৰে৷ কিন্তু সহায় কৰিলে চালকজনে৷ তেওঁৰ নিজৰ ম’বাইল ফোনটো কমলক দিয়াত সমস্যাৰ সমাধান হয়৷ নিশাই আমি উপস্থিত হওঁ ডাল লেকত৷ শ্রীনগৰৰ অতি সুন্দৰ স্থান ডাল লেক৷ প্রতিগৰাকী পর্যটকে ডাল লেকলৈ যোৱাৰ আনন্দ লয়৷ কিন্তু সেইদিনা নিশা ডাল লেকৰ চৌপাশে আছিল মৰিশালিৰ নিস্তব্ধতা৷ সেনা, CRPF, জম্মু–কাশ্মীৰ আৰক্ষীৰ বাহিৰে কোনো নাছিল চৌপাশত৷ ‘নিউজ লাইভ’ত আমি তেতিয়াই সম্প্রচাৰ কৰিছিলোঁ প্রথমটো খবৰ৷ নাছিল কোনো পর্যটক, নাছিল কোনো স্থানীয় লোক৷ ডাল লেকৰ চিকাৰা আৰু হাউছ বোটকেইখন সম্পূর্ণৰূপে খালী হৈ আছিল৷ কাশ্মীৰৰ পীক ছিজনত এনে দৃশ্য হতাশাজনক৷ পেহেলগামত ২৮জন হিন্দু পর্যটকক গুলীয়াই হত্যা কৰাৰ পাছত আতংকিত পর্যটকসকলে শ্রীনগৰ এৰিছিল৷ আমি যেতিয়া শ্রীনগৰৰ হোটেল পাইছিলোঁ তাত মাত্র এটাহে পৰিয়াল আছিল৷ চৌদিশে আতংকময় পৰিৱেশ৷ সন্ত্রাসবাদীৰ ভয়ত পর্যটকসকল আঁতৰি যোৱাৰ লগতে স্থানীয় লোকেও সোনকালে নিজৰ ঘৰত আশ্রয় লৈছিল৷ আমি নিশাটো হোটেলতে কটাই পিছদিনাৰ পৰিকল্পনা কৰিলোঁ৷ শ্রীনগৰৰ পৰা পেহেলগামলৈ ৯০ কিলোমিটাৰ৷ অর্থাৎ প্রায় আঢ়ৈ ঘণ্টা সময় লাগে৷ সেয়ে পুৱা ৫ বাজি ৩০ মিনিটত পেহেলগামলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ৷ ৮ বজাত লাইভ দিব লাগিব৷ সেইবাবে সোনকালে গৈ পৰিস্থিতি বুজিবলৈ সুবিধা হ’ব৷ নিশা আহাৰ গ্রহণ কৰি শুবলৈ যাওঁতে প্রায় ২ বাজিছিল৷ আমাৰ দুয়োৰে মনত পিছদিনাৰ কামক লৈ এক অবুজ শিহৰণ৷ নৰসংহাৰৰ পাছত পেহেলগামৰ কি পৰিস্থিতি? কি কয় পর্যটকে? নৰসংহাৰ হোৱাস্থলীত এতিয়া কি পৰিৱেশ? লাহে লাহে আমাৰ টোপনি আহিছিল৷

পেহেলগামৰ ২৪ এপ্রিলৰ পুৱাটো আনদিনাতকৈ পৃথক আছিল৷ এক নিস্তব্ধ চহৰ আৰু অজান আতংকই আৱৰি ৰাখিছিল৷ আমি বহু কথাই জানো, কিন্তু ক’ব নোখোজো৷ পাকিস্তানৰ সন্ত্রাসবাদীয়ে আক্রমণ কৰাৰ কথা শ্রীনগৰ আৰু পেহেলগামৰ প্রতিজন সাধাৰণ মানুহে জানে৷ কিন্তু কেমেৰাৰ সন্মুখত ক’ব নিবিচাৰে৷ জানোচা কেতিয়াবা সন্ত্রাসবাদীৰ টার্গেট হয়৷ এনে অজান আশংকাৰ বাবেই বহুজনে আমাক মনৰ কথাখিনি খুলি ক’ব নোৱাৰিলে৷ প্রায় তিনি কিলোমিটাৰজোৰা চহৰখনৰ সকলো দোকান–পোহাৰ বন্ধ আছিল৷ আমি কি কৰিম, কেনেকৈ খাম, পর্যটকেই আমাৰ আশা আৰু ভৰসা৷ তেনেদৰে মোক কৈছিল কেইবাজনো ব্যৱসায়ীয়ে? এয়া বহুত বেয়া হ’ল৷ এয়া মানৱীয়তাহীন কাণ্ড৷ দুদিন ধৰি পেহেলগামৰ গাঁৱত চৌকা জ্বলা নাছিল৷ এনেধৰণৰ কথা–বতৰাৰ মাজেৰে আমি পুৱা প্রায় ৬ বাজি ৩০ মিনিটত পেহেলগামৰ পথত ঘূৰিছিলোঁ৷ দেখিলেই এক বেয়া লগা পৰিৱেশ৷ দোকান–পোহাৰতো বন্ধই৷ সকলো হোটেল খালী হৈ পৰিছিল৷ জাকে জাকে পর্যটক আহি উভতি গৈছিল৷ প্রতিখন হোটেল বন্ধ৷ খাবলৈ একোৱেই নাছিল৷ আমি পেহেলগামৰ পৰা পোনপটীয়া সম্প্রচাৰ অব্যাহত ৰাখিছিলোঁ৷ দেখুৱাইছিলোঁ কিদৰে ৫টা সন্ত্রাসবাদীয়ে সমগ্র কাশ্মীৰত আতংকৰ সৃষ্টি কৰিছিল৷ সময় পাৰ হৈ গৈছিল৷ পেহেলগামত প্রায় সকলো হোটেলৰে পর্যটকসকল আঁতৰি গৈছিল৷ হোটেল খুলি লাভ কি সেয়ে বন্ধ কৰি দিয়া হৈছিল হোটেলসমূহ৷ সৰু চহৰখনত পর্যটক নাথাকিলে আন কোনো উপায়েৰে উপার্জন কৰিব নোৱাৰি৷ সেয়ে এক অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িছিল পেহেলগামৰ জনসাধাৰণ৷ ইয়াৰ বিপৰীতে শ্রীনগৰৰ কিছু কিছু পর্যটনস্থলীত আছিল পর্যটক৷ তেওঁলোকৰ মনত ভয় আছিল, কিন্তু পৰিয়ালৰ সৈতে সময় কটাবৰ বাবে কিছু ঘণ্টাৰ বাবে শ্রীনগৰত ৰৈ গৈছিল৷ আমি কাশ্মীৰলৈ আহিমেই৷ আমি সন্ত্রাসবাদীক ভয় নকৰোঁ৷ সন্ত্রাসবাদীয়ে আমাক ভয় খুৱাব খোজে৷ আমি যদি ভয় খাওঁ তেন্তে সিহঁতৰ উদ্দেশ্য সফল হ’ব৷ বহু পর্যটকে ডাল লেকৰ পাৰত আমাক এনেকৈ কৈছিল৷ সমগ্র দিনটো আমি পেহেলগামত পাৰ কৰিলোঁ৷ পুৱা প্রায় ৬ বাজি ৩০ মিনিটৰ পৰা সন্ধিয়া ৫ বজালৈ পেহেলগামৰ বহু লোকক লগ পালোঁ৷ ঘোঁৰা আৰু খচ্চৰৰ গৰাকীসকলৰ সৈতেও আমি কথা পাতিছিলোঁ৷ প্রায় ১২ হাজাৰ ঘোঁৰা আৰু খচ্চৰৰ গৰাকীয়ে অনিশ্চিত ভৱিষ্যতৰ দিশত গতি কৰিছিল৷ সন্ধিয়া তেওঁলোকৰ পৰিয়ালে ভাবিছিল আগন্তুক মাহকেহটা কিদৰে চলিব? আমি পেহেলগামৰ সেই ভয়ংকৰ স্থানলৈ যাবৰ বাবে সাজু হৈছিলোঁ৷ মূল পথৰ পৰা ৭ কিলোমিটাৰ পাহাৰ বগালে পায়গৈ মিনি ছুইজাৰলেণ্ড৷ য’ত সন্ত্রাসবাদীয়ে বোৱাইছিল তেজৰ নৈ৷ লাহে লাহে আমি পাহাৰৰ ফালে গতি কৰিছিলোঁ৷ য’ত দিনতে এক অন্ধকাৰ পৰিৱেশ৷ সন্ত্রাসবাদীকেইটা তেতিয়াও ৩৫ কিলোমিটাৰ বিয়পি থকা হাবিৰ মাজতে আছিল৷ আপোনালোকে নিজৰ নিৰাপত্তাৰ কথা চিন্তা কৰক– এনেদৰে কৈছিল স্থানীয় লোকে৷ কিন্তু মোৰ আৰু কমলৰ বাবে বাতৰি পৰিৱেশন কৰাটো আটাহতকৈ গুৰুত্বপূর্ণ আছিল৷ সেয়ে ঘটনাস্থলীলৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ৷

সন্মুখত থিয় পাহাৰ৷ পথ বুলিবলৈ একো নাছিল৷ খচ্চৰ আৰু ঘোঁৰা অহা–যোৱা কৰা লুংলুঙীয়া চিহ্ণহে আছিল৷ কিন্তু পেহেলগামৰ সেই ৰক্তাক্ত স্থানলৈ যোৱাটো আমাৰ আছিল সংকল্প৷ পুৱা প্রায় ৭ বজাতেই আমি পেহেলগামত উপস্থিত হৈছিলোঁ৷ এখন দোকানো খোলা নাছিল৷ শ্রীনগৰৰ হোটেলৰ পৰা প্রায় ৫ বজাতেই ওলাইছিলোঁ৷ সেইবাবে পুৱাৰ চাহকাপ পোৱা নাছিলোঁ৷ পেহেলগাম সম্পূর্ণৰূপে বন্ধ৷ ফলত তাতো আমি একোৱেই খাবলৈ নাপালোঁ৷ আমি দূৰৰ পৰাই মূল পথৰ পৰা পাহাৰলৈ চালোঁ৷ এখন অটব্য অৰণ্য৷ দিনতেই আন্ধাৰ৷ সাধাৰণতে পর্যটকসকলে যাবলৈ ভাল পোৱা এক অঞ্চল এতিয়া সম্পূর্ণৰূপে স্তব্ধ৷ দুই–এক ঘোঁৰা চালকক লগ পালোঁ৷ তেওঁলোকে ক’লে, ওপৰলৈ খোজকাঢ়ি যোৱা একপ্রকাৰ অসম্ভৱ৷ আপোনালোকৰ যদি পাহাৰ বগোৱা অভ্যাস আছে তেন্তে পাৰিব৷ আগনিশা নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত লুংলুঙীয়া পথটো বোকাময় হৈ পৰিছিল৷ আমি গুৱাহাটীৰ পৰা যাওঁতে এনে পৰিস্থিতিৰ বাবে সাজু হোৱাকৈ জোতা পিন্ধি যোৱা নাছিলোঁ৷ কিন্তু ৭ কিলোমিটাৰ পাহাৰ বগাবৰ বাবে আমি এবাৰো নাভাবিলোঁ৷ লাহে লাহে গন্তব্য স্থানলৈ আগবাঢ়িলোঁ৷ আমাৰ পিছে পিছে আহিছিল আৰু দুজন সাংবাদিক৷ তেওঁলোকে আগদিনা যাবলৈ চেষ্টা কৰিছিল৷ কিন্তু নিৰাপত্তাৰক্ষীৰ বাধাৰ বাবে আগবাঢ়িব নোৱাৰিলে৷ প্রচণ্ড ৰ’দত আমি চাৰিওজন আগবাঢ়িলোঁ৷ তেওঁলোকে আমাক সুধিছিল– পানী আনিছে নে নাই৷ আমি পানী অনাৰ কথাটো একেবাৰে পাহৰিলোঁ৷ সেয়ে নাই অনা বুলি কৈ আমি গৈ থাকিলোঁ৷ বোকাময় পথ৷ প্রায় আধাফুট ভৰি বোকাত সোমাই যায়৷ বোকাৰে নগৈ আমি পাহাৰৰ কাষে কাষে ওপৰলৈ যাবলৈ চেষ্টা কৰিলোঁ৷ বাৰে বাৰে পিছলো খাইছিলোঁ৷ কিন্তু আমাৰ গতি অব্যাহত আছিল৷ প্রায় এঘণ্টা যোৱাৰ পাছত আমি শিলত বহিলোঁ৷ তেতিয়া পুৱা প্রায় ৯ বাজি গৈছিল৷ কিন্তু হাবিৰ মাজত এক অন্ধকাৰময় পৰিৱেশ৷ আমাৰ লগত যোৱা সাংবাদিক দুজন আছিল জি নিউজৰ৷ তেওঁলোকে কৈছিল– আগদিনা অকলে আহি তেওঁলোকে যথেষ্ট ভয় খাইছিল৷ কিন্তু আজি একেলগে চাৰিজন থকাৰ বাবে কিছু ভয় কমিছিল৷ তেওঁলোকে আমাক খাবলৈ পানী দিলে৷ আমি পানী খাই পুনৰ আগবাঢ়িলোঁ৷ সমগ্র পথত আমি কোনো নিৰাপত্তাৰক্ষী নাপালোঁ৷ আমি পাহাৰৰ মাজে মাজে আগবাঢ়িছিলোঁ৷ মূল পথেৰে গ’লে সময়ৰ প্রয়োজন হ’ব৷ সেইবাবে মিনি ছুইজাৰলেণ্ডলৈ যোৱা আটাহতকৈ চমু পথেৰে পাহাৰ বগাইছিলোঁ৷ সন্মুখত পাহাৰ আৰু দুর্গম হৈ পৰিল৷ একেবাৰে থিয় পাহাৰ৷ কমলৰ হাতত আছিল কেমেৰা, মোৰ পিঠিত আছিল বেকপেক আৰু হাতত আমাৰ চেনেলৰ লগু৷ ফলত পাহাৰৰ শিলত এটা হাতেৰে ধৰিহে আমি উঠিব লাগিব৷ ইয়াৰ পূর্বে পাহাৰ বগোৱাৰ মোৰ অভিজ্ঞতা নাছিল৷ হয়তো কমলৰো নাছিল৷ কিন্তু যি কামৰ বাবে আহিছোঁ সেয়া কৰিবই লাগিব৷ সেইবাবে জুপি জুপি পাহাৰ বগালোঁ৷ এনেদৰে প্রায় আৰু এঘণ্টা সময় যোৱাৰ পাছত একপ্রকাৰ ভাগৰি পৰিছিলোঁ৷ উশাহ চুটি চুটি হৈ আহিছিল৷ সাগৰপৃষ্ঠৰ পৰা প্রায় ২ হাজাৰ ৪০০ মিটাৰ উচ্চতাত অৱস্থিত বেইচৰণ ভেলী অর্থাৎ মিনি ছুইজাৰলেণ্ড৷ হঠাতে আমাৰ চকুত পৰিছিল পানীৰ বটল আৰু এযোৰ চেণ্ডেল৷ আমি বুজিছিলোঁ যে সেয়া কোনো পর্যটকৰে৷ লগে লগে আমি আৰু জোৰেৰে আগুৱালোঁ৷ কিছুদূৰ যোৱাৰ পাছত এক বোকাময় শিলৰ মাজত আমি দেখিলোঁ কেইবাযোৰো জোতা৷ পৰি আছিল তেজৰ চেকুৰাও৷ দৃশ্য দেখি আমি একপ্রকাৰ স্তব্ধ হৈ পৰিছিলোঁ৷ সন্ত্রাসবাদীৰ গুলীচালনাত আহত দুজনকৈ পর্যটকৰ সেই স্থানতে মৃত্যু হোৱা বুলি পিছত গম পাইছিলোঁ৷ সেই বোকাৰ মাজেৰেই দৌৰি দৌৰি পলাইছিল পর্যটক৷ ফলত বোকাত থাকি গৈছিল জোতা আৰু চেণ্ডেল৷ সেই বোকাৰে খোজকাঢ়ি যোৱা অসম্ভৱ৷ মই কেনেবাকৈ খোপনি পুতি তাৰ পৰা পোনপটীয়া সম্প্রচাৰ আগবঢ়াইছিলোঁ৷ কমলে দেখি গৈছিল কিদৰে পৰি গৈছিল মূল্যৱান সামগ্রী৷ মঙলবাৰৰ বিয়লি সেই নৃশংস হত্যালীলাৰ চাক্ষুষ বহন কৰি আছিল সামগ্রীখিনিয়ে৷ এয়া মাত্র আৰম্ভণিহে আছিল৷ মূল স্থান পাবলৈ আৰু সময়ৰ প্রয়োজন৷ (আগলৈ…)

লেখক ‘নিউজ লাইভ’ৰ কার্যবাহী সম্পাদক

ফোন : ৯৭১১৪–৩২০৩৬

You might also like