ট্রেক্টৰ কেলেংকাৰিঃ সঞ্চালক-মুখ্য অভিযন্তাৰ বিৰুদ্ধে চিআইডিত এজাহাৰ দাখিল
নিয়মীয়া বাৰ্তা, ১৫ মে’ : ‘সমগ্র গ্রাম্য যোজনা’ শীর্ষক আঁচনিখনৰ অধীনত কৃষি বিভাগে আত্মসহায়ক গোটসমূহক কৃষিকর্ম কৰিবলৈ ৰাজসাহায্যযুক্ত ট্রেক্টৰ যোগান ধৰাৰ নামত বিয়াগোম কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ এই অভিযোগে ব্যাপক চর্চা লাভ কৰাৰ সময়তে বৃহস্পতিবাৰে আঁচনিখন ৰূপায়ণৰ সৈতে জড়িত থকা বিভাগীয় মন্ত্রীজনৰ লগতে সঞ্চালক, মুখ্য অভিযন্তা, সকলো জিলা কৃষি বিষয়া আৰু কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কৃষক–শ্রমিক উন্নয়ন পৰিষদ নামৰ সংগঠনটোৱে ৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ (চি আই ডি) অতিৰিক্ত সঞ্চালকপ্রধানৰ ওচৰত দাখিল কৰা এজাহাৰখনত সংগঠনটোৰ কার্যকৰী সভাপতি মুকুল বৰা আৰু সভাপতি প্রদীপ কলিতাই স্বাক্ষৰ কৰিছে ৷
এই সন্দর্ভত কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত বৰা আৰু কলিতাই কয় যে মন্ত্রী অতুল বৰা নেতৃত্বাধীন কৃষি বিভাগত আত্মসহায়ক গোটক ট্রেক্টৰ যোগান ধৰাৰ নামত ভয়ংকৰ কেলেংকাৰি সংঘটিত হৈছে ৷ আঁচনিখনত অনুমোদিত ‘ইউকো–৫০’ৰ পৰিৱর্তে এছক’ট নামৰ প্রতিষ্ঠানটোৱে যোগান ধৰা ট্রেক্টৰখনৰ শক্তি ৫০ হর্ছ পাৱাৰৰ পৰিৱর্তে ৪০ হর্ছ পাৱাৰহে৷ মন্ত্রী আৰু বিভাগীয় বিষয়া–কর্মচাৰীসক কমিছন দিবলগীয়া হোৱা বাবে প্রতিখন ট্রেক্টৰৰ বিপৰীতে ৬০–৭০ হাজাৰকৈ টকা লুণ্ঠন কৰি প্রতিষ্ঠানটোৱে মুঠ ১৮ কোটি টকা হৰলুকী কৰিছে৷ আত্মসহায়ক গোটক ট্রেক্টৰ যোগান ধৰাৰ নামত কোটি কোটি টকা হৰলুকী কৰা যোগনিয়াৰ প্রতিষ্ঠান, বিভাগীয় মন্ত্রী, আঁচনি ৰূপায়ণৰ দায়িত্বত থকা প্রতিজন কৃষি বিষয়াক গ্রেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ বিবৃতিটোত দাবী তুলিছে বৰা আৰু কলিতাই ৷