নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ৮ অক্টোবৰলৈ ডিব্ৰুগড়ত বাণিজ্য মেলা

✅সংবাদ মেলত মন্ত্ৰী বিমল বৰাৰ ঘোষণা

বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ দ্বাৰা ২৮ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ ডিব্ৰুগড় চৌকিডিঙীত অনুষ্ঠিত হ’ব বাণিজ্য মেলা। অসমৰ ঔদ্যোগীসকলক এখন বজাৰ দিয়াৰ উপৰি তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ উদ্দেশ্যৰে আয়োজন কৰা এই বাণিজ্য মেলাত দেশ-বিদেশৰ লগতে ৰাজ্যখনৰ প্ৰায় ১৪০ খন বিপনী অংশগ্ৰহণ কৰিব এই বাণিজ্য মেলাত। ইয়াৰে ১৪০ খন অসমৰ থলুৱা বিপনী আৰু ৪০ খন বহিঃৰাজ্যৰ আৰু ১ খন বিপনী থাকিব আফগানিস্তানৰ। আজি ডিব্ৰুগড় উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত সংবাদমেলত এক কথা জানিবলৈ দিছে ৰাজ্যৰ ঔদ্যোগ মন্ত্ৰী বিমল বৰাই। অসম বাণিজ্য উন্নয়ন সংস্থাই অসমৰ স্থানীয় মহিলা উদ্যোগীসকলক লৈ বিদেশতো অংশ গ্রহণ ইতিমধ্যে বিশেষ সমাদৰ লাভ কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী বৰাই জানিবলৈ দি আৰু কয়, উদ্যোগীসকলে থলুৱা হাতে বোৱা কাপোৰ, হাতেৰে তৈয়াৰী সামগ্ৰী আৰু প্ৰাকৃতিকভাৱে তৈয়াৰী চাবোন আদি প্ৰদৰ্শন কৰাৰ লগতে অসমৰ এৰী, মুগা কাপোৰতো বিদেশীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল। অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ সহযোগত অসম বাণিজ্য উন্নয়ন সংস্থাই এই বছৰত অসমৰ বিভিন্ন প্রান্তত ক্রমেঃ ডিব্ৰুগড়, তেজপুৰ, নলবাৰী, গুৱাহাটী, শিলচৰ আৰু কোকৰাঝাৰত বাণিজ্য মেলা, প্রদর্শণী আৰু বিক্ৰীৰ লগতে স্থানীয় যুৱক-যুৱতী সকলৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। সেই উদ্দেশ্যে ডিব্ৰুগড় চহৰৰ চৌকিডিঙী খেলপথাৰত অসম বাণিজ্য উন্নয়ন সংস্থাই প্রথমখন বাণিজ্য মেলা অহা ২৮ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈকে অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে। বাণিজ্য মেলাৰ জৰিয়তে বিভিন্ন উদ্যোগৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ প্ৰসাৰ আৰু বিক্ৰীৰ বাবে ব্যৱস্থা কৰা হৈছে। বাণিজ্য মেলাৰ প্ৰধান উদ্দেশ্য হৈছে ৰাজ্যৰ ভিতৰৰ আৰু বাহিৰৰ উদ্যোগীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা, বিভিন্ন ঠাইৰ পৰা অহা উদ্যোগসকলৰ মাজত মত বিনিময়ৰে নিজৰ ব্যৱসায়ক সাফল্যমণ্ডিত কৰি তোলা। উল্লেখযোগ্য যে ডিব্রুগড় বাণিজ্য মেলাত মুঠ ১০০জনৰো অধিক স্থানীয় উদ্যোগীয়ে বিনামূলীয়াকৈ অংশগ্রহণ কৰিবলৈ সুযোগ পাব। তাৰোপৰি অসমৰ বিভিন্ন প্রান্তৰপৰা অহা ৪০ জন উদ্যোগীয় অংশগ্রহণ কৰিব লগতে বিদেশী ৰাষ্ট্র আফগানিস্থান ড্রাই ফ্লোট উদ্যোগৰ লগত জড়িত উদ্যোগী প্রতিষ্ঠানেও অংশগ্রহণ কৰিব। ৰাজ্যখনক চাহ শিল্পত এখন চহকী ৰাজ্য হিচাপে অতীজৰে পাৰ বিশ্ববিখ্যাত বুলি বিবেচিত হৈ আহিছে। এই ২০০ বছৰীয়া চাহ উৎপাদনৰ লগত সংগতি ৰাখি এইখন বাণিজ্য মেলাত চাহ বিপনীৰ বাবে আছুতীয়াকৈ চাহ বিপনীৰ ব্যৱস্থা কৰা হৈছে। এই বাণিজ্য মেলাত স্থানীয় যুৱক-যুৱতীসকলক ব্যৱসায়ীক দিশৰ জ্ঞান বৃদ্ধিৰ বাবে এলানি বিশেষ প্রশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। ফলৰ ৰস, মমবাতি তৈয়াৰী আৰু আচাৰ প্ৰস্তুতকৰণৰ বাবে অনুষ্ঠিত হ’বলগা প্রশিক্ষণত দক্ষ আৰু সমল ব্যক্তি সকলৰ দ্বাৰা বহুমূলীয়া প্রশিক্ষণৰো দিহা কৰা হৈছে। এই বাণিজ্য মেলাখনৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ উঠি অহা নৱ প্রজন্ম উদ্যোগীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এখন উন্নতমানৰ বজাৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। সংবাদমেলত বৰাই আৰু কয়, নতুন প্ৰজন্মই ষ্টাৰ্ট আপৰ জৰিয়তে আগবাঢ়িছে। অলপতে অনুষ্ঠিত ষ্টাৰ্ট আপৰ এক্সপ’ত ৭০ কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল। কৃষিভিত্তিক উদ্যোগৰ পৰা বিভিন্ন উদ্যোগলৈ নতুন প্ৰজন্মক আগবঢ়াই নিয়াত গুৰুত্ব প্ৰদানৰ কথা উল্লেখ কৰিছে মন্ত্ৰী বৰাই। আনহাতে বহু বিনিয়োগকাৰী অসমলৈ আগমন ঘটা বুলি প্ৰকাশ কৰি মে’ মাহত ৮ হাজাৰ ২০০ কোটি টকা বিভিন্ন ঔদ্যোগৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ৰাজ্য চৰকাৰে। সেইদৰে ৩ হাজাৰ ৬০০ কোটি টকাৰ ৭ টা কোম্পানীৰ সৈতে বুজাবুজি চুক্তি সম্পাদন কৰিছে চৰকাৰে। ইয়াৰ দ্বাৰা ১০ হাজাৰ কৰ্মসংস্থাপন নিশ্চিত হ’ব বুলি আশা প্ৰকাশ কৰিছে। অলপতে পেপচিকোৰ সৈতে ৭ হাজাৰ কোটি টকা বুজাবুজি চুক্তিত স্বাক্ষৰ হৈছে। নলবাৰীত নিৰ্মাণ হৈ থকা এই প্ৰকল্পটো সম্পূৰ্ণ হ’লে যথেষ্ট আলুৰ প্ৰয়োজন হব। যাৰ দ্বাৰা উপকৃত হ’ব অসমৰ বহু আলুৰ খেতিয়কে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ জৰিয়তে ১ লাখ যুৱক যুৱতী ২ লাখকৈ টকা দিয়া হ’ব বুলি জানিবলৈ দিছে। অন্যহাতে এই বাণিজ্য মেলাত অনুষ্ঠিত হ’ব ৰচনা, তৰ্ক প্ৰতিযোগিতা। ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া আৰু ধেমাজি জিলাক সামৰি ৭ অক্টোবৰত মহাবিদ্যালয় ভিত্তিত হ’ব এই তৰ্ক প্ৰতিযোগিতা। একেদৰে ‘মোৰ জীৱনৰ লক্ষ্য’ শীৰ্ষক বিষয়ত লৈ অনুষ্ঠিত হ’ব ৰচনা প্ৰতিযোগিতা। আজিৰ এই সংবাদমেলত অসম বাণিজ্য সংস্থাৰ অধ্যক্ষ সুনীল ডেকা, ডিব্ৰুগড় পৌৰসভাৰ উপ-পৌৰপতি উজ্জ্বল ফুকনকে ধৰি ভালেকেইগৰাকী বিষয়াই উপস্থিত থাকে।

প্ৰেৰক বিভাস দুৱৰা

You might also like