নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রেডিঙৰ এই ব্যৱস্থাটো সম্পূর্ণৰূপে অবৈধ, এতিয়ালৈ ৩৮ ব্যক্তিক গ্রেপ্তাৰ কৰা হৈছে : ড০ শর্মা

🔹 এপৰ জৰিয়তেই হওক বা মেনুৱেলীয়েই হওক, ট্রেডিঙৰ ষড়যন্ত্রত ভৰি নিদিবলৈ আহ্বান মুখ্যমন্ত্রীৰ

বিশেষ বার্তা,  ৪ ছেপ্টেম্বৰ : ট্রেডিঙৰ এই ব্যৱস্থাটো সম্পূর্ণৰূপে অবৈধ৷ এতিয়ালৈ ট্রেডিং সম্পর্কত ৩৮ ব্যক্তিক গ্রেপ্তাৰ কৰা হৈছে৷- এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি লখিমপুৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কোনো মানুহৰ হাততেই এনেকুৱা যাদু নাই, যিয়ে ৩০ শতাংশ, ২৫ শতাংশ সুত দিব পাৰে৷ বর্তমান ট্রেডিং এপৰ জৰিয়তেও হৈ আছে আৰু মেনুৱেলীও হৈ আছে৷ অসমৰ ৰাইজক এপৰ জৰিয়তেই হওক বা মেনুৱেলীয়েই হওক, এই ট্রেডিঙৰ ষড়যন্ত্রত ভৰি নিদিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জমা টকা এনেকৈ কোনোবাই লৈ যাব, এইটো কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে৷ ৰাইজেও দেখি আছে- এই এপৰ টকাৰে একাংশই ডুবাইলৈ যোৱাৰ লগতে বিলাসী জীৱন–যাপন কৰে৷ টকা দুই–তিনি গুণ কৰাৰ কোনো চমু ৰাস্তা নাই৷ যিসকলে এনে কৰে তেওঁলোকে সহজ–সৰল লোকক ঠগ–প্রৱঞ্চনা কৰি আহিছে৷ ভাৰতৰ আইন মতে ট্রেডিঙৰ নামত ৰাইজৰ ধন সংগ্রহ কৰাৰ কোনো আইন নাই৷ এই গোটেই চক্রটোকে উৎখাত কৰা হ’ব বুলি কঠোৰ স্থিতি ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বহুতৰে টকা ইতিমধ্যে এনে ঘটনাত হেৰাইছে৷ সেইদৰে লটাৰী, তীৰো অসমত অবৈধ বুলি মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷

You might also like