বিশেষ বাৰ্তা, ২২ আগষ্ট : নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৱৰ্তী ভেৰভেৰী দেউৰীগাঁৱত পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা “বোকা ভাওনা” আজি হৰ্ষোৎল্লাসৰ মাজেৰে অনুষ্ঠিত হৈ যায়৷ ভেৰভেৰী দেউৰীগাঁৱত নন্দোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰি অহা বোকা ভাওনা সমগ্ৰ অঞ্চলৰ ৰাইজৰ বাবে এক আকৰ্ষনীয় অনুষ্ঠান৷ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাছত একাদশীৰ দিনটোত প্ৰতিবছৰে উলহ-মালহেৰে নন্দোৎসৱ পতা হয়৷ পুৱা খোল প্ৰসঙ্গৰে আৰম্ভ হোৱা দিনজোৰা কাৰ্য্যসূচীত গাঁৱৰ সকলো ৰাইজে অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত নাম প্ৰসঙ্গ আৰু প্ৰসাদ-ভোগ বিতৰন কৰে৷ বিয়লি বোকা ভাওনাৰ বাবে নিৰ্দিষ্ট কৰা ঠাইখনত এটা প্ৰকাণ্ড পুখুৰী সদৃশ খাল খান্দি তাত পানী ঢালি বোকাময় কৰি লয় আৰু তাৰ চাৰিওফালে বোকা ভাওনাত অংশগ্ৰহণ কৰা পুৰুষ সকলে শাৰীপাতি বহি নাম প্ৰসঙ্গ কৰে৷ তাৰপাছত অংশগ্ৰহণকাৰী ভক্তবৃন্দই আনন্দ মনেৰে বোকাত নামি লুটুৰি-পুতুৰি হৈ বোকা খেলে আৰু ইজনে সিজনলৈ বোকা চটিয়াই মনৰ আনন্দ প্ৰকাশ কৰে৷ বোকা ভাওনাৰ অন্তত অংশগ্ৰহণকাৰীসকলে পুনৰ স্নান কৰি নামঘৰত নাম প্ৰসঙ্গ কৰি দিনজোৰা কাৰ্য্যসূচীৰ সামৰণি মাৰে আৰু দৰ্শনাৰ্থী ভক্তবৃন্দই মিটিকাৰে গোঁসাইঘৰত ফোট ল’বলৈ বোকা সংগ্ৰহ কৰা পৰিলক্ষিত হয়৷
প্ৰেৰক কনক হাজৰিকা