🔹 বিধে বিধে জুতি লগা খাদ্য সম্ভাৰ
🔹 বিক্ৰেতাৰ ৰূপত এজাক ছাত্ৰ-ছাত্ৰী
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰী : উখল-মাখল উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ৰ চৌহদ। মহাবিদ্যালয়খনৰ চৌহদত বহিছে এখন মেলা। প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীসকলৰ যৌথ উদ্যোগত মহাবিদ্যালয় চৌহদত পুৱা অনুষ্ঠিত কৰা হয় এই মেলা। মেলাখনত ভৰি পৰে বিধে বিধে জুতি লগা খাদ্য আৰু পৰম্পৰাগত বস্ত্ৰ সম্ভাৰ।বিক্ৰেতাৰ ৰূপত মহাবিদ্যালয়খনৰ এজাক ছাত্ৰ-ছাত্ৰী। জাতীয় সাজপাৰ পৰিহিত ছাত্ৰ-ছাত্ৰীসকলে বেপাৰী হৈ বিক্ৰী কৰিছে শাক-পাচলি। বিক্ৰী কৰিছে ঘৰুৱা সামগ্ৰীৰ লগতে পিঠা-পনা, গামোচা আদি। পাঠদানৰ সমন্তৰালভাৱে শিক্ষাৰ্থীসকলক অসমীয়াৰ প্ৰাচীন ঐতিহ্য-পৰম্পৰাৰ সৈতে চিনাকি কৰাই দিয়া আৰু নিজৰ দক্ষতা বিকাশৰ যোগেদি কেনেকৈ স্ব-নিৰ্ভৰশীল হ’ব পাৰি, তাক গুৰুত্ব প্ৰদান কৰি মহাবিদ্যালয় কৰ্তৃপক্ষই লৈছে এই পদক্ষেপ।
মহাবিদ্যালয়ৰ নৃতত্ত্ব বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক যুক্তিৰত্ন শইকীয়াই উদ্বোধন কৰা আৰু ঢকুৱাখনা উপ-জিলাৰ উপ-আয়ুক্ত কাৰ্ত্তিক কলিতাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা মেলাখনত শিক্ষাৰ্থীসকলে স্ব-উৎপাদিত শাক-পাচলি, হাতে বোৱা গামোচা, ৰিহা, চাদৰ-মেখেলা, এৰী, চেলেং আদি পৰম্পৰাগত বস্ত্ৰ, ভিন্ন স্বাদৰ পিঠা-পনা, তিলৰ লাড়ু, চুঙা পিঠা, কোমল চাউল, জলপান আদি সুস্বাদু আহাৰৰ মুকলি বিপণন কৰে। মেলাত অন্য বজাৰতকৈ তুলনামূলকভাৱে কম মূল্যত যোগান ধৰা হয় সামগ্রীসমূহ। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ যোগানন্দ সূত, উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচকে প্ৰমুখ্য কৰি সকলো অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী, শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত মেলাত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগ, ইংৰাজী বিভাগ, ৰসায়ন বিজ্ঞান বিভাগ, উদ্ভিদ বিজ্ঞান বিভাগ, নৃতত্ত্ব বিজ্ঞান বিভাগ, ৰাজনীতি বিজ্ঞান বিভাগ, ইতিহাস বিভাগ, অসমীয়া বিভাগ, প্ৰাণী বিজ্ঞান বিভাগ, উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষ আদিৰ শিক্ষাৰ্থীসকলে বিপণনৰ দ্বাৰা বিক্রীৰ ব্যৱস্থা কৰা মেলাখনত উপস্থিত হৈ বহুসংখ্যক গ্ৰাহকে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰে।
প্ৰেৰক পুলকজ্যোতি বৰা