বাঘবৰত যাতায়াতত বিড়ম্বনা : সত্ৰকণৰাত পকী পথৰ বিধ্বস্ত ৰূপ
নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : বৰপেটা জিলাৰ বাঘবৰৰ সত্ৰকণৰাত পকী পথৰ বিধ্বস্ত ৰূপ। সত্ৰকণৰা ৫নং চিটৰ পৰা সত্ৰকণৰা ১২নং চিটলৈ যোৱা পকী পথৰ শোচনীয় অৱস্থাই সম্প্ৰতি জ্বলা-কলা খুওৱাইছে শ শ পথচাৰীৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক। উল্লেখযোগ্য উক্ত পথটি নিৰ্মাণৰ পিছতেই বাৰিষাৰ বানে পথছোৱাৰ ঠাইয়ে ঠাইয়ে চিগি নিয়ে। যদিও বিগত তিনি বছৰে পথছোৱাৰ কোনো মেৰামতি নহ’ল। পথছোৱাৰ এনে দুৰৱস্থাৰ বাবে পকী পথটিৰে যাব নোৱাৰে কোনো ধৰনৰ জৰুৰীকালীন সেৱাৰ বাহন। স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই পথছোৱা মেৰামতিত পিঠি দিয়াত উপায়হীন হৈ ৰাইজে নিজেই গাঁঠিৰ ধন খৰচ কৰি যাতায়তৰ ব্যৱস্থা কৰি লৈছে। উল্লেখযোগ্য বাঘবৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় সংখ্যক পেভাৰ ব্লক তথা পকী পথ বিগত সময়ছোৱাত অহা বানে শোচনীয় অৱস্থা কৰিছিল। যদিও আজিকোপতি উক্ত জৰাজীৰ্ণ পথসমূহৰ কোনো মেৰামতি নহ’ল। সেয়ে এতিয়া উপায়হীন পথচাৰী তথা ৰাইজে পথসমূহ মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে।
প্ৰেৰক আব্দুল আজিজ আহমেদ