নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত যাতায়াতত যন্ত্ৰণা, বাৰিষাৰ পূৰ্বেই পথ-দলং উন্নীতকৰণৰ আহ্বান

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ স্বাধীনতাৰ সাত দশকৰ পাছতো নুগুচিল একাংশ ভিতৰুৱা গ্ৰামাঞ্চলৰ যাতায়ত বিপৰ্যয়ৰ ছবিখন। বিধ্বস্ত বাট-পথ, জৰাজীৰ্ণ দলং আদিৰ সতে যুগ যুগৰে পৰা সহাৱস্থান কৰি আহিছে বৃহত্তৰ নগৰবেৰা অঞ্চলবাসীয়ে। ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা নগৰবেৰা সংযোগী মুল পথটিৰে এবাৰ যাতায়ত কৰিলে দ্বিতীয়বাৰ আহযাহ কৰিবলৈ অনীহা জাগে। তৎস্বত্বেও উপায়বিহীন গয়াই নিত্য যাতায়ত অব্যাহত ৰাখিছে পথটিৰে। বিশেষকৈ বাঘদোবাৰ পৰা হেক্ ৰা হৈ নগৰবেৰা সংযোগী অতিকে বিধ্বস্ত আৰু বিপজ্জনক হৈ পৰিছে সদাব্যস্ত পথচোৱা। তাৰোপৰি পথচোৱা অতি ঠেক হোৱাত দুখন বাহন মুখামুখি হ’লে পাৰাপাৰ হ’বলৈ পোন্ধৰ-বিশ মিনিটৰ প্ৰয়োজন হয়। ভাঙি চূচুৰ্মৈ হোৱা পথটিত নিতৌ ধূলিৰে পৰিপূৰ্ণ হৈ থাকে আৰু বৰষুণ এজাক পৰিলেই বোকা-পানীৰে যাতায়তৰ অনুপযোগী হৈ পৰে। ৰাইজে নিতৌ তেনেকৈয়ে যাতায়ত অব্যাহত ৰাখিছে। একেদৰে নগৰবেৰা-পাহাৰপাৰা সংযোগী জলজলী নৈৰ ওপৰত অতঃবছৰে পকী দলং এখনৰ বাবে ৰাইজে আবেদন জনাই থকা স্বত্বেও আজিকোপতি পকী দলংৰ দিহা হৈ নুঠিল। বাৰিষা হ’লে সম্প্ৰতি অব্যাহত থকা যাতায়ত বিঘ্নিত হৈ পৰিব, দলংখন কাঠ আৰু বাঁহ জোৰা দি স্থানীয় নিৰ্মাণ সমিতিয়ে সাজিছিল যদিও সম্প্ৰতি অতিকে বিধ্বস্ত আৰু বিপদসংকুল হৈ পৰিছে। দলঙত পাৰাপাৰৰ বাবদ পথচাৰীয়ে ধন দিহে যাতায়ত কৰি আহিছে। নিতৌ ৰোগী, ছাত্ৰ-ছাত্ৰী তথা পথচাৰীয়ে মৰণত শৰণ দি দলংখনৰ তলেৰে অথবা ওপৰেদি আহযাহ কৰি আছে। স্থানীয় ৰাইজে কাকূতি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ নগৰবেৰা পাহাৰপাৰা সংযোগী ডিবিআৰপি পাৰঘাটত জলজলী নদীৰ ওপৰত পকী দলং এখনৰ দিহা কৰিবলৈ লগতে নগৰবেৰাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী সদাব্যস্ত পথচোৱা বহল আৰু ওখ কৰি জনযাতায়াতৰ আহুকাল আঁতৰাবলৈ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like