নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রেফিক আৰক্ষীক প্রশিক্ষণৰ নির্দেশ হাইক’ৰ্টৰ

নিয়মীয়াবাৰ্তা, ৮ ছেপ্টেম্বৰ:  ৰাজধানী চহৰ গুৱাহাটীৰ ব্যস্ত ৰাজপথত যান–বাহন আইনৰ নিয়ম উলংঘা কৰাৰ অভিযোগত এজন বাইক আৰোহীক ট্রেফিক আৰক্ষীয়ে প্রহাৰ কৰা ঘটনাক লৈ কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়৷ যোৱা ১৭ মার্চত সংঘটিত এই ঘটনাৰ পিছতে এটা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰি উচ্চ ন্যায়ালয়ে ৰাজ্যৰ আৰক্ষীলৈ কেইবাটাও গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিছে৷ দীর্ঘদিনীয়া শুনানিৰ অন্তত মুখ্য ন্যায়াধীশ আৰ এম ছায়া আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে মহানগৰীকে ধৰি জিলা পর্যায়ত যান–বাহন নিয়ন্ত্রণত নিয়োজিত হৈ থকা আৰক্ষীক প্রশিক্ষণ দিবলৈ নির্দেশ দিছে, যাতে যান–বাহন আৰক্ষীয়ে নাগৰিককেন্দ্রিক সেৱা প্রদান কৰিব পাৰে৷ তদুপৰি এগৰাকী চৰকাৰী কর্মচাৰী হিচাপে আৰক্ষীৰ লোকসকলৰ থাকিবলগীয়া দায়বদ্ধতা আৰু তেওঁলোকৰ অধিকাৰ সন্দর্ভত শিক্ষা প্রদান কৰিবলৈও গুৱাহাটী উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশনা দিছে৷ একে সময়তে আইন সম্বন্ধীয় জ্ঞান দিয়াৰ বাবেও আৰক্ষীক প্রদান কৰিব লাগিব প্রশিক্ষণ৷ এইক্ষেত্রত অসম ৰাজ্যিক আইন সেৱা প্রাধিকৰণৰ সহায় ল’ব পাৰিব বুলিও গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশনাটোত উল্লেখ কৰিছে৷ ইয়াৰ বাবে অসম ৰাজ্যিক আইন সেৱা প্রাধিকৰণৰ সদস্য সচিবক অন্তর্ভুক্ত কৰি এখন কমিটী গঠন কৰিবলৈ নির্দেশ দিছে, যাতে ভৱিষ্যতে এনেধৰণৰ ঘটনা সংঘটিত নহয়৷

উল্লেখ্য যে বিকি প্রসাদ গুপ্তা নামৰ এজন ব্যক্তিয়ে নিজৰ কণমানি সন্তান আৰু পত্নীক লৈ গৈ থকাৰ সময়ত যান–বাহন আইন ভংগ কৰাৰ অভিযোগত ফখৰুদ্দিন আহমেদ নামৰ এজন কনিষ্টবলে তেওঁক প্রহাৰ কৰে৷ আৰক্ষী কনিষ্টবলজনে বাইক আৰোহীজনক প্রহাৰ কৰা ভিডিঅ’ পৰৱর্তী সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ লগে লগে এই ঘটনাই সমগ্র ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰে৷ পৰৱর্তী সময়ত গুপ্তাৰ পত্নীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হয় আৰু অভিযুক্ত কনিষ্টবলজনক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে বিভাগীয় তদন্ত ঘোষণা কৰা হয়৷ এই ঘটনাৰ ফলত সৃষ্টি হোৱা প্রতিক্রিয়াৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২/২০২২ নম্বৰৰ এটা ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰি শুনানি গ্রহণ কৰে৷ শুনানিৰ সময়ত সংশ্লিষ্ট কর্তৃপক্ষৰ শপতনামাৰ জৰিয়তে অভিযুক্ত কনিষ্টবলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা বুলি সদৰী কৰে৷ অৱশ্যে অভিযুক্ত কনিষ্টবলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিলেও এই ঘটনাক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে কয়– ‘যান–জঁট নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীৰ কর্তৃত্ব থাকিব পাৰে, কিন্তু সেয়া কৰিবলৈ যাওঁতে নাগৰিকৰ মৌলিক অধিকাৰ ভংগ কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে৷’ একেদৰে আৰক্ষীৰ লোকসকলক সঠিকভাৱে প্রশিক্ষণ প্রদান নকৰাৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলিও উচ্চ ন্যায়ালয়ে মত প্রকাশ কৰিছে৷

You might also like