নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: খোৱা পানীৰ কুঁৱা চাফা কৰিবলৈ গৈ চাৰি গৰাকী লোকৰ কৰুণ মৃত্যু হৈছে। শনিবাৰৰ পুৱা ১০.৩০ বজাত ঘটনাটো সংঘটিত হয়। হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বক্ৰিহাওৰৰ আনোৱাৰপুৰ গাঁৱত হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে। জানিব পৰা অনুসৰি, ইজনৰ পিছত সিজন চাৰিজন লোকে প্ৰাণ হেৰুৱালে। ঘৰৰ এজনে কুঁৱাটো চাফা কৰিবলৈ তললৈ নামি গৈছিল। বহু সময় তেওঁ ওপৰলৈ উঠি নহাৰ বাবে তেওঁক বিচাৰি আৰু এজন কুঁৱাত নামিছিল। একেদৰে কোনেও নামি ওপৰলৈ উভতি আহিব নোৱাৰিলে। অৱশেষত আৰু দুজন মানুহ নামিছিল। কিন্তু কোনেও ওপৰলৈ উঠি আহিব পৰা নাছিল। পিছত তেওঁলোকক উদ্ধৰৰ বাবে এছ ডি আৰ এফক খবৰ দিয়া হয়। এছ ডি আৰ এফ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। গুৰুতৰভাৱে আহত অৱস্থাত মিস্ত্ৰী হাছিবুদ্দিনক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত পঠোৱা হয়। মৃতকেইজন হ’ল: ৰছিদ আহমেদ, নাজিম উদ্দিন, আবু ছোহাইল আৰু হাছিব উদ্দিন। ইয়াৰ ভিতৰত নাজিম উদ্দিন আৰু আবু ছোহাইল পিতা-পুত্ৰ। তদুপৰি ৰছিদ আহমেদ, নাজিম উদ্দিন দুয়ো ভাই ককাই। এই ঘটনাই অঞ্চলটোত শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
প্ৰেৰক গৌতম তালুকদাৰ