নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্বলন্ত বাছত জীৱন্তে অগ্নিদগ্ধ ২৬ যাত্ৰী : মহাৰাষ্ট্ৰত মৰ্মান্তিক বাছ ট্ৰেজেডী

বিশেষ বাৰ্তা, ১ জুলাইঃ মহাৰাষ্ট্ৰৰ বুলধনা জিলাৰ সমৰুদ্ধি মহামাৰ্গত ব্যক্তিগত ট্ৰেভেলছ বাছ এখনত জুই লাগি ৩ শিশুসহ কমেও ২৬জন লোকৰ মৃত্যু হয় আৰু আন ৭জন লোক আহত হয়। আৰক্ষীৰ মতে, জিলাখনৰ পিম্পলখুটা গাঁৱৰ দুছাৰবিদ আৰু সিন্দকেদৰাজাৰ মাজত পুৱা ১.২৬ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে টায়াৰ ফাটি লোহাৰ খুঁটাত খুন্দা মৰাৰ ফলত চালকজনে চকাটোৰ নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। নাগপুৰৰ পৰা পুনেলৈ যোৱা বিদৰ্ভ ট্ৰেভেলছৰ দ্বাৰা পৰিচালিত বাছখনত মুঠ ৩৩জন যাত্ৰীয়ে যাত্ৰা কৰিছিল। তৎকালীনভাৱে চিকিৎসা সাহায্যৰ বাবে চিণ্ডকেদ্ৰজা আৰু বুলধনাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। ২৬জন যাত্ৰী জ্বলি ছাই হৈ মৃত্যুমুখত পৰে আৰু সাতজন ব্যক্তিয়ে ইয়াৰ পৰা ৰক্ষা পৰে। কাঁচৰ কাঁচ ভাঙি বাছখনৰ পৰা পলায়ন কৰে জীৱিতসকলে। উদ্ধাৰ হোৱা মৃতদেহবোৰ ভয়াৱহভাৱে জ্বলা-পোৰাৰ ফলত ভুক্তভোগীক চিনাক্ত কৰাটো প্ৰত্যাহ্বানজনক হৈ পৰিছে বুলিও কয় আৰক্ষীয়ে। আৰক্ষীৰ মতে টায়াৰ ব্লাষ্ট হৈ বাছখনে ইলেক্ট্ৰিক খুঁটাত খুন্দা মাৰি ডিভাইডাৰত খুন্দা মৰাত জুই লাগিছে। প্ৰত্যক্ষদৰ্শীৰ মতে বাছখন ওলোটা হৈ পৰে, দুৱাৰখন তলফালে পৰাত পলায়নৰ কোনো পথ নাথাকিল। দুখৰ বিষয় যে যাত্ৰীসকল ভিতৰত আবদ্ধ হৈ পৰিছিল। জুইৰ শিখাত সকলোৰে মৃত্যু দেখিও কোনো সহায় কৰিব পৰা নাছিল প্ৰত্যক্ষদৰ্শীয়ে। ডিজেল টেংক বা টেংকৰ পৰা ইঞ্জিনলৈ পাইপ ফাটি যোৱাৰ ফলত বাছখনত জুই লাগিছিল। জীৱিতসকলে কয় যে যিসকলে হাতেৰে কাঁচৰ খিৰিকী ভাঙিবলৈ সক্ষম হৈছিল, তেওঁলোকেহে পলায়ন কৰিব পাৰিছিল। এই শোকাৱহ ঘটনাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শিণ্ডেই শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বুলধনাত সংঘটিত বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়ৰ বাবে ২ লাখ টকাৰ সাহায্য ঘোষণা কৰে। দুৰ্ঘটনাত আহত হোৱা লোকসকলকো ৫০ হাজাৰ টকা সাহায্য ঘোষণা কৰিছে। এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা ২৫জন ব্যক্তিৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেই সমবেদনা জ্ঞাপন কৰি প্ৰতিজন ভুক্তভোগীৰ আত্মীয়ৰ বাবে ৫ লাখ টকাৰ সাহায্য ঘোষণা কৰে। ইফালে মুখ্যমন্ত্ৰী শিণ্ডে আৰু উপ-মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাভিছ দুৰ্ঘটনাস্থলীলৈ যোৱাৰ সম্ভাৱনা আছে। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, এনচিপিৰ শাৰদ পাৱাৰেও শোক প্ৰকাশ কৰিছে।

You might also like