নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভয়েশ্বৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু

অভয়াপুৰীৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা আমগুৰি প্ৰথম খণ্ডৰ বাসিন্দা আল্পনা মণ্ডলৰ বিদ্যুত স্পৃষ্ট হৈ বিয়োগ হোৱাৰ বাতৰিয়ে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ -ছাত্ৰীৰ মাজত শোকৰ ছাঁ পৰিছে।

প্ৰাপ্ত বাতৰি মতে শিক্ষয়িত্ৰী আল্পনা মণ্ডল (২৮) য়ে বতৰ বেয়া হোৱা তথা আকাশত বিজুলী ঢেৰেকনি হোৱাৰ সময়ত নিজ আমগুৰিৰ ঘৰত থকা ইনভাৰ্টাৰ অফ কৰিবলৈ যায়। তেনে সময়তে তেওঁ বিদ্যুতৰ সংস্পৰ্শলৈ আহে আৰু ঢলি পৰে।

লগে লগে পৰিয়ালৰ লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যুত অভয়াপুৰী আৰু আমগুৰিত শোঁকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁ এজনী কন্যা সন্তান, স্বামী আৰু আত্মীয়স্বজনক এৰি যায়।

উল্লেখ্য যে মৃত মণ্ডলৰ স্বামী অমিত সৰকাৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক।

Niyomiya Barta Desk, 14 July, 2025

You might also like