নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত বজ্ৰপাতত মহিলাৰ কৰুণ মৃত্যু

বিজনীত বজ্ৰপাতত মহিলাৰ কৰুণ মৃত্যু।

চিৰাং জিলাৰ বিজনীৰ কপটুপলী বাতাবাৰীত আজি পুৱা ৬.৩০ মান বজাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। খেতিত কাম কৰি থাকোঁতেই বজ্ৰপাতত মৃত্যু হয় এগৰাকী মহিলাৰ।

মৃত মহিলাগৰাকীৰ নাম পুষ্প দাস বুলি জানিব পৰা‌ গৈছে।

পৰৱৰ্তী স্থানীয় লোকে বিজনী অসামৰিক চিকিৎসালয়ত লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

পিছত মৰণোত্তৰ পৰীক্ষাৰ‌ বাবে কাজলগাঁও JSB চিকিৎসালয়ত লৈ যায়।

নিয়মীয়া বাৰ্তা, বিজনীঃ Date of published : 30 June, 2025

You might also like