নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈঠালাংছʼৰ বৰপানী নৈত ট্ৰেজিক ঘটনা : সংগীতা-সুস্মিতাৰ অকাল মৃত্যু

নিয়মীয়া বাৰ্তা, ১ মেʼ : বৈঠালাংছʼৰ হংক্ৰামস্থিত বৰপানী নদীৰ শিলডুবি ঘাটত মঙলবাৰে গা ধুবলৈ গৈ সন্ধানহীন হৈছিল একেটা পৰিয়ালৰ দুই ভগ্নী সঙ্গীতা চেত্ৰী আৰু সুস্মিতা ছেত্ৰী। স্থানীয় ৰাইজৰ তৎপৰতাত সঙ্গীতা চেত্ৰীৰ মৃতদেহ মঙলবাৰে বিয়লি উদ্ধাৰ হৈছিল যদিও আন গৰাকী ভগ্নীৰ সন্ধানত এছ ডি আৰ এফে নদীত অভিযান চলাই আছিল। যোৱানিশা বৰপানী নদীৰ বিভিন্ন স্থানত অভিযান চলোৱাৰ অন্তত আজি পুৱাৰ ভাগত আমডুবিৰ সমীপত বালি মহলৰ কাষত উদ্ধাৰ হয় সুস্মিতা ছেত্ৰীৰ মৃতদেহ। ইফালে দুয়োগৰাকী ভগ্নীৰ অকাল মৃত্যুত শোক স্তব্ধ হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী।‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌ উল্লেখযোগ্য যে বৈঠালাংছʼ আৰক্ষীৰ সহযোগত দুয়োগৰাকী যুৱতীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰাৰ পিছত বিয়লি অগণন লোকৰ উপস্থিতিত নিজ গাঁৱত দুয়োগৰাকী যুৱতীক একেলগে সৎকাৰৰ কৰা হয়।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like