ঢকুৱাখনাত কৰুণ ঘটনাঃ বজ্ৰপাতত কিশোৰীৰ কৰুণ মৃত্যুঃ আহত ৪ কিশোৰ-কিশোৰী
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল :ৰাজ্যজুৰি বৰদৈচিলাই তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তেই বুধবাৰে বিয়লি ঢকুৱাখনাত সংঘটিত হয় এক শোকাবহ ঘটনা।ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত গৰৈমাৰী কপহুৱা গাঁওত বজ্ৰপাতত এজনী কিশোৰীৰ কৰুণ মৃত্যু হোৱাৰ লগতে আন চাৰিজনকৈ কিশোৰ-কিশোৰীৰ আহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।প্রাপ্ত তথ্যমতে গাঁওখনৰ ৫গৰাকীকৈ কিশোৰ কিশোৰীয়ে বিয়লি গাঁওখনৰ সমীপৰ চাৰিকড়ীয়া নদীৰ পাৰত খেলি থকা অৱস্থাতে প্ৰৱল বৰষুণৰ লগতে ওচৰতে হোৱা বজ্ৰপাতৰ ফলত ৫গৰাকী কিশোৰ কিশোৰী সংজ্ঞাহীন হৈ পৰে । ঘটনাৰ পিচতে স্থানীয় লোকে ৫ জনকে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় ভৰ্তি কৰে যদিও চিকিৎসকে অনিতা ভঁৰালীৰ কিশোৰী কন্যা বাৰবী দাস (৬)ৰ ইতিপূৰ্বে মৃত্যু হোৱা বুলি ঘোষণা কৰে।ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত আহত ৪ গৰাকী কিশোৰ কিশোৰী ক্ৰমে লখিমী হাজৰিকা (১২) , অবিনাশ দাস (১০) , চুইটি ভৰালী (১২) চিকিৎসাধীন হৈ থকাৰ লগতে গুৰুতৰভাৱে আহত ভৰত দাস (২০) ক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ।
প্ৰেৰক পুলকজ্যোতি বৰা