নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথাৰৰ মাজৰ পুখুৰীত পৰি একেই গাঁৱৰ তিনি ছাত্ৰৰ সলিল সমাধি

🔹 একাংশ দালালে নিজ মইমতালিৰে জেচিবিৰে পথাৰত খান্দিছে বৃহৎ বৃহৎ গাঁত 

🔹 কমলপুৰৰ নিজ মদাৰতলাত শোকাৱহ ঘটনা

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট : মাছেই কাল হ’ল একেই গাঁৱৰ ৩ কিশোৰৰ ! কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত নিজ মদাৰতলাত আজি এক শোকাৱহ ঘটনা সংঘটিত হয়। মাছ মাৰিবলৈ গৈ ৩জন কিশোৰৰ পুখুৰীত সলিল সমাধি ঘটে। প্ৰাপ্ত খবৰ অনুসৰি আজি দিনৰ প্ৰায় ১১.৩০ বজাত নিজ মদাৰতলাস্থিত নিজ ঘৰৰ পৰা কিশোৰ তিনিওজনে পথাৰলৈ মাছ মাৰিবলৈ ওলাই গৈছিল। তাৰ পিছত বহু সময় ধৰি ঘৰলৈ উভতি নহাত পৰিয়াল তথা প্ৰতিৱেশীসকলে বিচাৰ-খোঁচাৰ কৰি গাঁওখনৰ গোপালথানৰ সন্মুখত থকা পথাৰৰ মাজত একাংশ দালালে জেচিবিৰে খন্দা পুখুৰীত আবেলি প্ৰায় ৪.৩০ বজাত মৃত অৱস্থাত উদ্ধাৰ কৰে কিশোৰ তিনিজনক। বাইহাটা চাৰিআলিৰ নিজ মদাৰতলা গাঁৱৰ গাঁওপ্ৰধান লক্ষ্যধৰ ডেকাৰ জ্যেষ্ঠ পুত্ৰ তথা কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আকাশদ্বীপ ডেকা (হিমাংশু) আৰু কনিষ্ঠ পুত্ৰ তথা আগডলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰাজদ্বীপ ডেকাৰ লগতে একে গাঁৱৰে তৰণী বৈশ্যৰ একমাত্ৰ পুত্ৰ তথা আগডলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংকুৰ বৈশ্যক পুখুৰীত ওপঙি থকা অৱস্থাত ৰাইজে উদ্ধাৰ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে। ইপিনে, স্থানীয় ৰাইজে পথাৰৰ মাজত একাংশ দালালে জেচিবিৰে মাটি খান্দি পুখুৰীসদৃশ গাঁত সৃষ্টি কৰাক লৈ ক্ষুব্ধ হৈ পৰাৰ লগতে ঘটনা সন্দৰ্ভত এক তদন্তৰ দাবী জনাইছে।

প্ৰেৰক লক্ষী ডেকা

You might also like