নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জত শোকাৱহ পথ দুৰ্ঘটনা : দেৱশিশুসহ থিতাতে নিহত ৩, আহত ২

নিয়মীয়া বাৰ্তা, ১৯ জুলাই : গোলকগঞ্জ সমজিলাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত দেৱশিশুসহ তিনিজন থিতাতে নিহত হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হোৱা  বুলি জানিব পৰা গৈছে I

প্ৰাপ্ত তথ্য মতে, AS-17L-0852 নম্বৰৰ চাৰিচকীয়া হুণ্ডাই বাহনে খুন্দিয়াই পথচাৰীক। বাহনখন আগমনিৰ পৰা গৈ আছিল গৌৰীপুৰৰ দিশে। ফলত গুৰুতৰভাৱে আহত হয় দুটি শিশুকে ধৰি পাঁচজন। দুৰ্ঘটনাত পতিত হোৱাসকল ক্ৰমে সাহেৰা বিবি, সুৰাইয়া পাৰবীন, সাহেৰা বিবি, জাহিনুৰ খাতুন আৰু জেহান ৰহমান। ঘটনাস্থলীতে মৃত্যু হয় সাহেৰা বিবি (৪৫) আৰু আঠমহীয়া নাতিনীয়েক সুৰাইয়া পাৰবীন।  আনহাতে, গোলকগঞ্জ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত মৃত্যু হয় চল্লিশদিনীয়া জেহান ৰহমানৰ। সম্প্ৰতি গুৰুতৰভাৱে আহত হৈ আছে জাহিনুৰ খাতুন আৰু সাহেৰা বিবি (৩৫)। আনহাতে, বাহনখনত থকা তিনিজন যাত্ৰীও কিছু আহত হয় আৰু চালকগৰাকীক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে I

পথ দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ক্ষুব্ধ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰে। ঘটনাস্থলীত গোলকগঞ্জ  সমজিলা আৰক্ষী অধীক্ষক কৰবী বণিয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে I

প্ৰেৰক প্ৰদীপ কৰ্মকাৰ
You might also like