নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত চলন্ত ৰেলৰ পৰা জঁপিয়াই নামোতে যুৱতীৰ মৃত্যু

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ৩০ জানুৱাৰী : কোকৰাঝাৰ ৰেল ষ্টেচনত আজি বিয়লি এক ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ ৰেল আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে আবেলি প্ৰায় চাৰি বজাত বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা পৰীস্মিতা বৰা এজন যুৱকৰ সৈত নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছত উঠি কোকৰাঝাৰলৈ বুলি যাত্ৰী কৰিছিল ৷ কিন্তু ৰেলখন কোকৰাঝাৰ ৰেল ষ্টেচন আহি পোৱাত যুৱতীগৰাকী চলন্ত ৰেলৰ পৰা জাঁপ মাৰি নামিবলৈ ধৰোঁতেই দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰে ৷ ৰেল আৰক্ষীৰ মতে ৰেলখন কোকৰাঝাৰ ৰেলৱে ষ্টেচনা ষ্টপেজ নথকা সত্বেও যুৱতীগৰাকী ৰেলৰ পৰা জঁপিয়াইছিল ৷ পিছত চিকিৎসালয়লৈ নিয়াৰ পথত যুৱতীগৰাকীৰ মৃত্যু হয় ৷ ইপিনে কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিতালৰ অধ্যক্ষ ড° অতুল চন্দ্ৰ বড়োৱে সদৰী কৰা মতে মৃত যুৱতীগৰাকী শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ কমাৰ চুবুৰিৰ বাসিন্দা মনোজ বৰাৰ কন্যা পৰীস্মিতা বৰা (২৩)৷ পৰীস্মিতা কোকৰাঝাৰ মেডিকেল কলেজত নাৰ্ছ হিচাপে কৰ্মৰত আছিল৷ তেনেদৰে কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়া অনুসৰি কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত নাৰ্ছ হিচাপে কৰ্মৰত পৰীস্মিতাই ভোগালী বিহুৰ পৰা ১৫ দিনৰ ছুটীত আছিল ৷ পোন্ধৰ দিনীয়া ছুটী ২৯ জানুৱাৰীত অন্ত পৰাত পুনৰ নিজৰ স্বাস্থ্য অসুস্থ বুলি এমাহৰ ছুটীৰ আবেদন জনোৱাত কোকৰাঝাৰ মেডিকেল কলেজ কৰ্তপক্ষই মঞ্জুৰ কৰে৷ তাৰ পিছত আজি যুৱতীগৰাকী উক্ত যুৱকজনৰ সৈতে বঙাইগাঁৱলৈ বুলি ফুৰিবলৈ যায়৷ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে আজি আবেলি চলন্ত ৰেলৰ পৰা কোকৰাঝাৰ ৰেল ষ্টেছনত নামিবলৈ বুলি জঁপিয়াওতেই মূৰত আঘাত পাই চিকিৎসালয়লৈ নিয়াৰ পথত কৰুণভাৱে মৃত্যুক সাৱটি লয় ৷ আনপিনে যুৱতীগৰাকীৰ সতে একেলগে অহা আহত হোৱা যুৱকজনৰ নাম বিশাল তাঁতী (২৩)৷ ঘৰ তেজপুৰৰ ৰবৰ বাগান অঞ্চলত।

প্ৰেৰক শুকুৰ আকন্দ

You might also like