নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনি অসমৰে ১৮ দিনলৈ আংশিকভাৱে বন্ধ হ’ব ৰে’লসেৱা

নিয়মীয়া বাৰ্তা, ৯ মে’: উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই যাত্রীৰ সুগম আৰু নিৰাপদ যাত্রাৰ বাবে ৰে’লপথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেতবোৰ উন্নয়নমূলক প্রকল্পৰ কাম কৰি আছে৷ ইয়াৰ অংশ হিচাপে লামডিং ৰে’ল সংমণ্ডলৰ অধীনত জাগীৰোড ৰে’ল ষ্টেচনত এখন ৰোড অ’ভাৰিব্রজ নির্মাণৰ কাম আৰম্ভ কৰা হ’ব৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া সব্যসাচী দে’ই জানিবলৈ দিয়া মতে এই ৰোড অ’ভাৰিব্রজখনৰ কাম সম্পন্ন কৰাৰ বাবে ১৮ দিনৰ বাবে ট্ৰেফিক ব্লক বা ৰে’লপথছোৱা আংশিকভাৱে বন্ধ কৰা হ’ব৷

সেই অনুসৰি ৯ মে’ৰ পৰা উজনি অসম আৰু নগাঁও সংযোগী কেইবাখনো ৰে’লৰ যাত্রা নিয়ন্ত্রণ আৰু বাতিল কৰাৰ লগতে সময়সূচীৰো পৰিৱর্তন কৰা হ’ব৷ সেই অনুসৰি ৯ মে’ৰ পৰা ২৪ মে’লৈ আলিপুৰদুৱাৰ–লামডিং-আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্রেছখন ডিগাৰুলৈহে চলাচল কৰিব৷

তেনেদৰে সেই সময়ছোৱাত মৰিয়নি–গুৱাহাটী মৰিয়নি বিজি এক্সপ্রেছ, হয়বৰ গাঁও–গুৱাহাটী–হয়ব গাওঁ ডেমু স্পেচিয়েল, গুৱাহাটী–শিলঘাট–গুৱাহাটী ডেমু স্পেচিয়েল, শিলঘাট টাডন–তাম্বাৰাম–শিলঘাট এক্সপ্রেছখনৰো যাত্রাৰ সময় বহুখিনি সালসলনি কৰা হৈছে৷ ইফালে, সেই সময়ছোৱাত এছ এম ভি টিৰ বেংগালুৰু– আগৰতলা হমচফৰ এক্সপ্রেছ, ৰাজেন্দ্র নগৰ–ড্ব্রুিগড় এক্সপ্রেছ, কলকাতা–শিলচৰ স্পেচিয়েল ৰে’লখনৰো যাত্রাৰ সময় এঘণ্টাৰ পৰা তিনি ঘণ্টা পর্যন্ত নিয়ন্ত্রণ কৰা হৈছে বুলি মুখ্য জনসম্পর্কৰক্ষী বিষয়া সব্যসাচী দে’ই সদৰী কৰিছে৷

You might also like