নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত স্থাপন হ’ব সমুদ্র বিজ্ঞানৰ প্রশিক্ষণ প্রতিষ্ঠান

মুখ্যমন্ত্রী ড০ শর্মাৰ আহ্বানৰ প্রতি সঁহাৰি সোণোৱালৰ

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ ৰাজ্যত অচিৰেই স্থাপন হ’ব সমুদ্র বিজ্ঞান প্রশিক্ষণ প্রতিষ্ঠান৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানৰ প্রতি সঁহাৰি জনাই আজি গুৱাহাটীত এই কথা ঘোষণা কৰে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলমার্গ দপ্তৰৰ মন্ত্রী সর্বানন্দ সোণোৱালে৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্রশাসনিক পদাধিকাৰ মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজিত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে বিকাশৰ চালিকা শক্তি হিচাপে জলপথ শীর্ষক অংশীদাৰী সন্মিলনত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে অসমত সমুদ্র বিজ্ঞানৰ প্রশিক্ষণ প্রতিষ্ঠান স্থাপনৰ কথা ঘোষণা কৰে৷ আজি এই সন্মিলনত উপস্থিত থাকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে স্বাধীনতাৰ পৰৱর্তী সময়ত দীর্ঘকাল ধৰি অসমৰ জলপথসমূহৰ সম্ভাৱনীয়তাৰ উপযুক্ত মূল্যায়ন কৰা হোৱা নাছিল৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বলিষ্ঠ নেতৃত্বত এই খণ্ডটোৱে এতিয়া এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে৷ এক্ট ইষ্ট পলিচী, ইষ্ট–ৱেষ্ট কৰিড’ৰ আদি বিভিন্ন পদক্ষেপৰ জৰিয়তে স্থলপথৰ মাধ্যমেৰে উত্তৰ–পূর্বাঞ্চলৰ সৈতে বহিঃবিশ্বৰ বাণিজ্যিক সম্পর্ক স্থাপন কৰাৰ ক্ষেত্রত যথেষ্ট অগ্রগতি লাভ কৰা হৈছে যদিও পথ পৰিবহণৰ বর্ধিত ব্যয়ে এইক্ষেত্রত বাধাৰ সৃষ্টি কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘জলপথৰ উপযুক্ত ব্যৱহাৰেৰে ৰাজ্যখনক আমি বহু আগুৱাই লৈ যাবলৈ সক্ষম হ’ম৷

জলপথ পৰিবহণ আটাইতকৈ মিতব্যয়ী আৰু পৰিৱেশ অনুকূল মাধ্যম৷ ৰপ্তানিকাৰী আৰু ব্যৱসায়ীসকলে জলপথৰ মাধ্যমেৰে ব্যৱসায়ৰ সুযোগ গ্রহণ কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছোঁ৷’ ইপিনে, উত্তৰ–পূবৰ ৰাজ্যসমূহৰ বিকাশৰ বাবে জলপথসমূহৰ পুনজ্জীৱিতকৰণৰ দিশত গ্রহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্রীয় মন্ত্রী সোণোৱালক কৃতজ্ঞতা প্রকাশ কৰি তেওঁ কয় যে দেশৰ ৯৫ শতাংশ আন্তঃদেশীয় বাণিজ্যই জলপথৰ মাধ্যমেৰে হয়৷ সেয়েহে এই খণ্ডটোক নতুন প্রজন্মই কেৰিয়াৰ হিচাপে গ্রহণ কৰাৰ যথেষ্ট সম্ভাৱনীয়তা লুকাই আছে৷ ভাষণ প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ নৈপৰীয়া অঞ্চলৰ ৰাইজলৈ উন্নত চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে উন্নতমানৰ নৌকা এম্বুলেঞ্চ প্রস্তুত কৰিবলৈ কোচিন শ্বিপয়ার্ড লিমিটেডৰ প্রতি আহ্বান জনায়৷ সন্মিলনত ভাষণ প্রদান কৰি কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলমার্গ দপ্তৰৰ মন্ত্রী সর্বানন্দ সোণোৱালে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ভগৱানপ্রদত্ত বিশাল জলৰাশিক জলপথ হিচাপে উপযুক্ত ৰূপত ব্যৱহাৰ কৰিব পাৰিলে অঞ্চলটোৰ বিশ্ব জয়ৰো সামর্থ্য আছে বুলি উল্লেখ কৰে৷

ব্রিটিছৰ আমোলাত অঞ্চলটোৰ জলপথৰ উপযুক্ত ব্যৱহাৰৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ জনমূৰি আয় সর্বভাৰতীয় গড়তকৈ যথেষ্ট উন্নত আছিল বুলি উল্লেখ কৰি সোণোৱালে কয়–‘এই খণ্ডটোৰ সম্ভাৱনীয়তাৰ পুনৰ আৱিষ্কাৰৰ বাবে একেলগে মিলি কাম কৰিব লাগিব৷ জলপথৰ মাধ্যমেৰে সামগ্রীৰ ৰপ্তানিৰ কাম আৰম্ভ কৰিবলৈ স্থানীয় ৰপ্তানিকাৰীসকলৰ প্রতি মই আহ্বান জনাইছোঁ৷ তদুপৰি উত্তৰ–পূবৰ ৰাজ্যসমূহে সংশ্লিষ্ট ৰাজ্যৰ জলপথসমূহৰ উন্নয়নৰ বাবে প্রকল্পৰ প্রস্তাৱ যুগুত কৰিব লাগে৷ দেশৰ বিকাশৰ ইঞ্জিন হিচাপে উত্তৰ–পূর্বাঞ্চলক গঢ়ি তুলিবলৈ কেন্দ্রীয় চৰকাৰে পদক্ষেপ গ্রহণ কৰি আহিছে৷ উত্তৰ–পূর্বাঞ্চল এতিয়া উন্নয়নৰ পথত৷ কেন্দ্রীয় চৰকাৰে উত্তৰ–পূর্বাঞ্চলক সর্বাধিক গুৰুত্ব প্রদান কৰিছে৷ ২০১৪ চনৰ পৰাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূর্বাঞ্চলক সর্বাধিক গুৰুত্ব আৰোপ কৰি দেশৰ বিকাশৰ বাবে কাম কৰি আহিছে৷ বর্তমান উত্তৰ–পূর্বাঞ্চলৰ জলপথৰ যোগাযোগ ব্যৱস্থা উন্নয়নৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰা হৈছে৷ যাৰ বাবে মংলা আৰু চিটাগং বন্দৰলৈ যোগাযোগ ব্যৱস্থা স্থাপন হৈছে৷’ এই সন্মিলনতে কেন্দ্রীয় জলপথ, বন্দৰ আৰু জাহাজ পৰিবহণৰ ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰে কয় যে উত্তৰ–পূর্বাঞ্চলৰ অর্থনৈতিক বিকাশৰ বাবে জলপথ আৰু জলসম্পদসমূহৰ ব্যৱহাৰ আৰু উন্নয়নৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি ৰাজ্যৰ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কেন্দ্রীয় মন্ত্রী সোণোৱালে উত্তৰ–পূর্বাঞ্চলৰ জলপথসমূহৰ উন্নয়নৰ বাবে গ্রহণ কৰা পদক্ষেপৰ শলাগ লয়৷

উল্লেখ্য যে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলমার্গ মন্ত্রালয়ে ব্রহ্মপুত্রত নদী পর্যটন আৰু জলক্রীড়াৰ প্রসাৰৰ বাবে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে৷ ইতিমধ্যে মন্ত্রালয়ে পর্যটন বন্দৰ হিচাপে বিকশিত কৰিবলৈ মুঠ সাতটা স্থান চিনাক্ত কৰিছে৷ সেইকেইটা হৈছে– উৰিয়ামঘাট, ভূপেন হাজৰিকা সেতু, কলীয়াভোমোৰা দলং, বগীবিল দলং, দিখৌমুখ, কলংমুখ আৰু উজানবজাৰ৷ পর্যটন বন্দৰ হিচাপে এই স্থানসমূহত নদী পর্যটনৰ সা–সুবিধা বৃদ্ধি কৰাৰ লগতে স্থানীয়ভাৱে নিযুক্তি বৃদ্ধি কৰিব৷ বর্তমানে ৰাজ্যত থকা যোগীঘোপা, পাণ্ডু, নিমাতী আৰু বিশ্বনাথ ঘাটৰ উপৰি পর্যটনৰ মানচিত্রত এই নতুন স্থানসমূহ সংযোজিত হ’ব৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে গুৱাহাটী আৰু যোগীঘোপাৰ পৰা কলকাতা আৰু হালদিয়ালৈ বিকল্প জলপথৰ বাবে ব্যৱস্থা গ্রহণ কৰা হৈছে৷ এই সন্মিলনখনত ৰাজ্যৰ কেবিনেট মন্ত্রী পীয়ূষ হাজৰিকা, কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলমার্গ বিকাশৰ সচিব সঞ্জীৱ ৰঞ্জনকে ধৰি বহুসংখ্যক বিষয়া উপস্থিত থাকে৷

You might also like