নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা-মাজুলী পথত নৈশবাছে ভাঙিলে বিদ্যুৎ বিভাগৰ ট্ৰেন্সফৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ ঢকুৱাখনা মাজুলী সংযোগী জালভাৰী সোমদিয়া পথত পুৱাই সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা৷ গুৱাহাটীৰ পৰা মাজুলীলৈ আহি থকা AS 25 EC 0099 নম্বৰৰ “যাত্ৰা“ নামৰ নৈশবাছখনে মাজ জালভাৰী অংশত নিয়ন্ত্ৰণ হেৰুৱাই উচ্চ ক্ষমতাসম্পন্ন এটা বিদ্যুৎ বিভাগৰ টেঞ্চফৰমাত খুন্দা মৰাত সংঘটিত হয় ভয়াবহ দুৰ্ঘটনাটো৷ ঢকুৱাখনা মাজুলী পথৰ মাজ জালভাৰী গাঁৱত পুৱা এই পথ দুৰ্ঘটনাটো সংঘটিত হয় যদিও উক্ত সময়ত বিদ্যুৎ সেৱা ব্যাহত থকাত দৈৱক্ৰমে কোনো লোক হতাহত ন’হল৷ ঘটনা সংঘটিত হোৱাৰ পিছত অন্য এখন বাহনত পঠিয়াই দিয়ে মাজুলীমুখী নৈশযাত্ৰীসকলক৷ নৈশবাছখনে মাজ জালভাৰী গাঁৱৰ প্ৰদীপ দত্ত নামৰ লোকজনৰ বাৰীৰ জেওৰা ভাঙি ট্ৰেন্সফৰ্মাৰটোত খুন্দা মৰাৰ ফলত ট্ৰেন্সফৰ্মাৰটো স্বাপন কৰা দুটাকৈ খুটা ভাগি পৰাৰ লগতে বিদ্যুৎ বিভাগৰ ট্ৰেন্সফৰ্মাৰটো বিকল হৈ পৰে৷ সৌভাগ্যবশতঃ উক্ত সময়ত বিদ্যুৎ যোগান নথকা বাবেই সংঘটিত ন’হল ভয়াবহ শোকাকুল ঘটনা৷ ট্ৰেন্সফৰ্মাৰটো ক্ষতি হোৱাত দুখন গাঁৱৰ ৰাইজ বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হোৱাৰ আশংকা কৰি ট্ৰেন্সফৰ্মাৰটো কাৰ্যক্ষম কৰি নিদিলে বাহনখন এৰি দিয়া নহব বুলি ৰাইজে প্ৰতিবাদ কৰে৷ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা মাত্ৰকে সোণাৰি চাপৰি আৰক্ষী আৰু ঢকুৱাখনা বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ আনহাতে ঘটনাৰ সন্দৰ্ভত মতামত প্ৰকাশৰ পৰা বিৰত থাকে বাছচালকসকল৷ ৰাইজৰ দাবী ট্ৰেন্সফৰ্মাৰ পালেহে নিবলৈ দিব বাহনখন৷

প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like