নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধানঃ ৰাজপথৰ যিকোনো ঠাইত জব্দ হ’ব পাৰে কৰ অনাদায়ী বাহন, ভৰিবলগা হ’ব পাৰে ১০ হাজাৰলৈকে জৰিমনা

নিয়মীয়া বাৰ্তা, ১মাৰ্চঃ যান-বাহনৰ নথি-পত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ পৰিশোধ নকৰাকৈ ৰাজপথত বিনাদ্বিধাই গাড়ী চলাই থকা মদগৰ্বী চালক, মালিক, উদ্যোগ-প্ৰতিষ্ঠানক নাকি লগাবলৈ মঙ্গলবাৰৰ পৰা পৰিবহণ বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰে “অল ক্লিয়াৰ” অভিযান ৷ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসৰ তত্বাবধানত যানবাহন আইন ভঙ্গকাৰীৰ বিৰুদ্ধে পূৰ্বতকৈও অধিক কঠোৰ আৰু জোৰদাৰ ৰূপত ৰাজপথলৈ ওলাই আহিল বিভাগৰ উচ্চপদস্থ বিষয়াৰ দল। মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণেৰে এই উপলক্ষে এক পথ-সজাগতা সভা অনুষ্ঠিত কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে চলিত মাৰ্চ মাহৰ ভিতৰতে নথিপত্ৰ নৱীকৰণ আৰু কৰ আদায়ৰ বাবে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ প্ৰতি আহ্বান জনায়। ইফালে এইক্ষেত্ৰত আওকাণ কৰাসকলৰ বিৰুদ্ধে লবলগীয়া গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ কথাও উল্লেখ কৰে। পৰিবহণ বিষয়া গৰাকীয়ে কয় যে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আগন্তুক দিনত অসমখনক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বান আৰু পৰিবহণ মন্ত্ৰী মাননীয় চন্দ্ৰমোহন পাটোৱাৰীয়ে এইক্ষেত্ৰত দিয়া নিৰ্দেশনাৰ ভিত্তিত বিভিন্ন সময়মত সমাজৰ সকলো শ্ৰেণীৰ লোককে সজাগ কৰি ব্যাপক জনসচেতনতা সৃষ্টিৰে সুৰক্ষিত যাতায়তৰ প্ৰয়াস কৰা হয়। ইফালে তেওঁ কয় যে গাড়ীৰ নথি-পত্ৰসমূহ সম্পূৰ্ণ নৱীকৰণ আৰু সময়মতে কৰ পৰিশোধ নকৰিলে বাহনখনক “ইনভেলিদ” অৰ্থাৎ অক্ষম বুলি গণ্য কৰা হয় আৰু বীমা কোম্পানীয়ে এনে বাহনৰ কোনো দায়িত্ব নলয়। ভগৱানে নকৰাওক দুৰ্ঘটনাত যদিহে কোনো লোক মৃত্যুৰ মুখত পৰে আৰু তৃতীয় পক্ষই যদিহে ক্ষতিপূৰণ বিচাৰি আবেদন জনায় তেন্তে গাড়ীৰ মালিকে ঘৰ-মাটি বিক্ৰী কৰি হ’লেও ক্ষতিপূৰণ দিবলগীয়া হ’ব পাৰে। সেয়ে ইমানৰ পিছতো শিক্ষিত আৰু ভদ্ৰলোকৰ মহানগৰ গুৱাহাটীত আজিও যাৱতীয় কৰ পৰিশোধ নকৰি মদগৰ্বীৰ মনোভাৱ দেখুওৱাসকলক এতিয়া আৰু কোনোপধ্যেই ৰেহাই দিয়া নহ’ব। ব্যক্তিগত বাহনৰ মালিক, বহুজাতিক কোম্পানী তথা যান-বাহন ব্যৱহাৰকাৰী সকলো উদ্যোগ-প্ৰতিষ্ঠানৰ বিৰুদ্ধে সমানে চলিব অলক্লিয়াৰ অভিযান। উল্লেখ্য যে যান-বাহনৰ নথিপত্ৰসমূহ সম্পূৰ্ণ নৱীকৰণ কৰাৰ লগতে বকেয়াসহ যাৱতীয় কৰ পৰিশোধ কৰা বাহনহে আজিৰে পৰা পথত চলিব পাৰিব। বিভাগৰ নীতি নিৰ্দেশনাৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰাসকলৰ বাহন ৰাজপথতে জব্দ হ’ব পাৰে। দহ হাজাৰ টকা পৰ্যন্ত ভৰিবলগা হ’ব পাৰে জৰিমনা ৷ তদুপৰি অৰ্থনৈতিক অপৰাধৰ গোচৰত আদালততো ভৰি দিবলগীয়া হ’ব পাৰে বাহনৰ মালিকে ৷ উল্লেখ্য যে, এই উপলক্ষে আজি অনুষ্ঠিত সজাগতা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই কৰ অনাদায়ী সকলো যানবাহনৰ মালিকক শীঘ্ৰেই যাৱতীয় কৰ পৰিশোধ কৰিবলৈ আহ্বান জনায় । মহাশিৱৰাত্ৰিৰ দিনটোত পৰিবহণ বিভাগৰ এনে মহৎ কাৰ্যসূচী গ্ৰহণ কৰাটো অতি ভাল পদক্ষেপ বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে সমাজ এখন শৃংখলাবদ্ধ আৰু সুৰক্ষিতভাৱে চলিবলৈ হ’লে প্ৰতিগৰাকী নাগৰিকৰ নিৰাপদ যাতায়ত অন্যতম উল্লেখযোগ্য চৰ্ত ৷ ইয়াৰ বাবে গাড়ীৰ গৰাকী আৰু চালক সকলোকে তেওঁ সজাগতা অৱলম্বনৰ বাবে আহ্বান জনায় । একেতা অনুষ্ঠানতে উপষ্ঠিত থাকি জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসেও আগবঢ়াই গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁৰ মতে আমি বহুতেই জানি বুজিও কিছুমান ভুল কৰোঁ। কিবা এক মানসিক কাৰণত আমি ফাকি দি ভাল পাওঁ ৷ বিশেষকৈ বাহনৰ অনাদায় কৰ পৰিশোধ, প্ৰদূষণ পৰীক্ষা, বীমা আদি সময়মতে নকৰাকৈ একধৰণৰ ফাকিত চলাটো আমাৰ বহুতৰেই মানসিকতা হৈ পৰিছে ৷ সেয়ে এনেধৰণৰ মানসিকতা ত্যাগ কৰি তেওঁ সুৰক্ষিত যাতায়ত ব্যৱস্থাৰ বাবে সকলো লোকৰে স্বতঃস্ফূৰ্ত সহযোগিতা আহ্বান কৰে ৷ সভাত অংশগ্ৰহণ কৰি ভাৰপ্ৰাপ্ত প্ৰবৰ্তক বিষয়া হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামেও বক্তব্য আগবঢ়াই ৷ ইফালে অসম ৰাজ্যিক পৰিবহণ নিগমৰ মাণ্ডলীক বিষয়া নাহৰ ডেকা, এছডিঅ সদৰ ত্ৰিদীপ ৰয় আদি গণ্যমান্য ব্যক্তিসকলে পৰিবহণ বিভাগৰ অলক্লিয়াৰ অভিযান অধিক শক্তিশালী কৰাৰ স্বাৰ্থত ৰাইজক সহযোগৰ আহ্বান জনায়। ভাষণ প্ৰসঙ্গত তেওঁলোকে শীঘ্ৰেই বাহনৰ নথিপত্ৰ নৱীকৰণ কৰাৰ লগতে যাৱতীয় কৰ পৰিশোধ কৰি ৰাজ্যখনত এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলি মুখ্যমন্ত্ৰী মহোদয়ৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আহ্বান জনায়। সজাগতা সভাৰ আৰম্ভণিতে পৰিবহণ বিষয়া দাসে অতিথিসকলক ফুলাম গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনায়। অনুষ্ঠানৰ পিছতে বশিষ্ঠ চাৰিআলিত পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে চলোৱা অতৰ্কিত অভিযানত নথিপত্ৰ সম্পূৰ্ণ নৱীকৰণ কৰাৰ লগতে সময়মতে কৰ পৰিশোধ কৰা বাহনৰ মালিকক অভিনন্দন জনোৱাৰ লগতে কৰ অনাদায়ী বাহনক শীঘ্ৰেই কৰ পৰিশোধ কৰি দায়িত্বশীল আৰু দায়বদ্ধ নাগৰিকৰ পৰিচয় দিয়াৰ আহ্বান জনোৱা হয়।

You might also like