নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলাবাৰী-নিমাতীঘাটৰ তৰাং জলপথ পৰিদৰ্শন পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰ

বিশেষ বাৰ্তা, ২৩ অক্টোবৰ : ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয় ভাৱে তৰাং হৈ পৰাৰ লগতে নতুনকৈ পৰা বালিচৰৰ বাবে শেহতীয়াকৈ নিয়মীয়া ফেৰীসেৱা বন্ধ হৈ পৰা কমলাবাৰী-নিমাতিঘাট সংযোগী জলপথৰ অৱস্থাৰ চৰজমিন বুজ ল’বলৈ আজি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই যোৰহাটৰ নিমাতিঘাট আৰু মাজুলীৰ কমলাবাৰী পাৰঘাট পৰিদৰ্শন কৰে। পুৱাৰ ভাগতে প্ৰথমে নিমাতিঘাটত উপস্থিত হৈ বিভাগীয় মন্ত্ৰীগৰাকীয়ে নিমাতীঘাট-কমলাবাৰী পাৰঘাটৰ মাজৰ জলপথত ফেৰী সেৱা বন্ধ হৈ পৰা পৰিস্থিতিক লৈ যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী, আভ্যন্তৰীণ জলপৰিবহণ সঞ্চালক সুস্মিতা কাকতি আৰু যুটীয়া আভ্যন্তৰীণ জল পৰিৱহণ সঞ্চালক বিক্ৰমাদিত্য চৌধুৰীৰ লগতে বিভাগীয় বিষয়া-অভিযন্তাসকলৰ সৈতে আলোচনাত মিলিত হয়। এই জলপথেৰে যথাসম্ভৱ শীঘ্ৰে পুনৰ নিয়মীয়া ফেৰীসেৱা আৰম্ভ কৰিবলৈ লোৱা ব্যৱস্থাৱলীৰ লগতে ফেৰীসেৱা বন্ধ হৈ থকাৰ বাবে পাৰঘাটটিৰে আহ-যাহ কৰা ৰাইজে সদ্যহতে সন্মুখীন হোৱা অসুবিধাৰ পৰা সকাহ দিয়াৰ বিষয়ে যোৰহাটৰ জিলা আয়ুক্তৰ লগতে বিভাগীয় বিষয়াসকলৰ সৈতে পৰিৱহণ মন্ত্ৰীগৰাকীয়ে বিতংভাৱে চৰ্চা কৰে। নিমাতিঘাটৰ পাছতে মন্ত্ৰী মহন্তই আভ্যন্তৰীণ জলপৰিৱহণ সঞ্চালক আৰু যুটীয়া সঞ্চালকক লগত লৈ অফলামুখ পাৰঘাটহৈ মাজুলীৰ কমলাবাৰী পাৰঘাটত উপস্থিত হৈ কমলাবাৰী পাৰঘাটো পৰিদৰ্শন কৰি পৰিৱেশ-পৰিস্থিতিৰ চাক্ষুক বুজ লয়। মাজুলীৰ বিধায়ক ভূৱন গাম, জগলা আয়ুক্ত ৰাতুল পাঠক আৰু আভ্যন্তৰীণ জলপৰিৱহণ সঞ্চালক সুস্মিতা কাকতীৰ সৈতে মন্ত্ৰী মহন্তই কমলাবাৰী পাৰঘাটৰ পৰা দৰবাৰ চাপৰি পৰ্যন্ত স্পীডবোটেৰে গৈ মাজুলী-যোৰহাট সংযোগী জলপথটোৰ তৰাং অংশ নিৰীক্ষণ কৰে। এই অংশত নদীৰ গভীৰতা বৃদ্ধিৰ বাবে ড্ৰেজাৰৰ খননকাৰ্য চলোৱাৰ সৈতে জড়িত কাৰিকৰী দিশকে ধৰি যাৱতীয় দিশসমূহৰ বিষয়েও বিভাগীয় মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত, বিভাগীয় সঞ্চালক আৰু অভিযন্তাৰ পৰা বুজ লয়। ইয়াৰ পাছতে মন্ত্ৰী মহন্তই গড়মূৰস্থিত মাজুলীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত পাঠক, আভ্যন্তৰীণ জলপৰিবহণ সঞ্চালক কাকতি, মাজুলীৰ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস, যুটীয়া আভ্যন্তৰীণ জলপৰিৱহণ সঞ্চালক চৌধুৰী, মাজুলী জিলা অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ পৰিষদৰ অধ্যক্ষ মনোজ বৰাৰ লগতে জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জলপৰিৱহণৰ বিষয়া-অভিযন্তাসকলৰ সৈতে কমলাবাৰী-নিমাতিঘাট জলপথটি ড্ৰেজাৰেৰে খান্দি জলস্তৰৰ গভীৰতা বৃদ্ধিৰে অতিশীঘ্ৰে নিয়মীয়া ফেৰীসেৱা পুনৰ মুকলি কৰিবলৈ বিভাগীয় ভাৱে লোৱা কাৰ্যব্যৱস্থা সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰে। এই জলপথেৰে ফেৰীসেৱা পুনৰ বাহালৰ পাছত অহা মাৰ্চ-এপ্ৰিল পৰ্যন্ত খৰালিৰ আগন্তুক সময়খিনিতো পথচোৱা ফেৰী চলাচলৰ বাবে সুগম কৰি ৰাখিবলৈ ল’ব লগা আগতীয়া সতৰ্কতামূলক ব্যৱস্থাৱলীৰ বিষয়েও বৈঠকত মন্ত্ৰী মহন্তই বিভাগীয় বিষয়া-অভিযন্তাৰ লগতে জিলা প্ৰশাসনক যাৱতীয় নিৰ্দেশনা আগবঢ়ায়। মাজুলীৰ আসন্ন ৰাস মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি এসপ্তাহমানৰ ভিতৰতে কমলাবাৰী পাৰঘাট পুনৰ সক্ৰিয় কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে আভ্যন্তৰীণ জলপৰিৱহণ বিভাগৰ বিষয়া-অভিযন্তাক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। মাজুলীৰ জিলা পৰিৱহণ বিষয়া, জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থকা এই বৈঠকত মন্ত্ৰী মহন্তই ৰাস মহোৎসৱৰ সময়চোৱাত মাজুলীৰ প্ৰতিটো পাৰঘাট তথা আভ্যন্তৰীণ জলপৰিৱহণৰ পথতে ৰাস দৰ্শনাৰ্থী যাত্ৰীৰ সুৰক্ষা আৰু সুবিধাৰ্থে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈও জিলা প্ৰশাসন, আৰক্ষী আৰু জিলা পৰিৱহণ বিভাগক দিহা দিয়ে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিক মাত্ৰাত হ্ৰাস পোৱাৰ লগতে কমলাবাৰী পাৰঘাটৰ দিশত জলপথটিৰ কিছু অংশত নতুনকৈ পৰা বালিচৰৰ বাবে যোৱা দেওবাৰৰ পৰা কমলাবাৰী-নিমাতিঘাট জলপথেৰে ফেৰী চলাচল সম্পূৰ্ণ বন্ধ হৈ পৰিছে। ইতিমধ্যে কমলাবাৰী-নিমাতীঘাট জলপথৰ স্পৰ্শকাতৰ অংশত জলস্তৰৰ গভীৰতা বৃদ্ধিৰ বাবে আভ্যন্তৰীণ জলপৰিৱহণ বিভাগে জৰুৰীভাৱে ডিব্ৰুগড়ৰ পৰা এখন ‘ড্ৰেজাৰ’ আনি খননকাৰ্য চলোৱাৰ ব্যৱস্থা কৰিছে। অৱশ্যে, ব্ৰহ্মপুত্ৰৰ বুকু খৰাং হৈ পৰাৰ বাবে কমলাবাৰীৰ পৰা ফেৰী যোগাযোগ সদ্যহতে বন্ধ ৰাখিব লগা হৈছে যদিও অফলামুখ পাৰঘাটৰ পৰা নিমাতিঘাটলৈ মাজুলী-যোৰহাট সংযোগী নিয়মীয়া জলপৰিৱহণ সেৱা সুচাৰুৰূপে অব্যাহত আছে।
প্ৰেৰক জীৱন বৰুৱা
You might also like