🔹 ৰেপিড’-অ’লা-উবেৰক প্ৰত্যাহ্বান জনাই মহানগৰীত চলিল ৭৫খন ইলেক্ট্ৰিক বাইক
বিশেষ বাৰ্তা, ৭ জানুৱাৰী : প্ৰদূষণমুক্ত অসমৰ লক্ষ্যৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই গুৱাহাটী মহানগৰবাসীৰ বাবে মুকলি কৰিলে এটা নতুন এপ। এই এপৰ দ্বাৰা ৰেপিড’, অ’লা, উবেৰতকৈ তুলনামূলকভাৱে কম ভাৰাত যাত্ৰা কৰিব পাৰিব যাত্ৰীয়ে। পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰা এপটোৰ নাম হ’ল “বায়ু”। ‘বায়ু’ এপৰ অধীনত আজিৰে পৰা গুৱাহাটীত চলিল ৭৫খন ইলেক্ট্ৰিক বাইক। ৫০০০খন বাইক চলিব এই এপৰ অধীনত। এপটো মুকলি কৰি মন্ত্ৰীগৰাকীয়ে নিজেই চলালে ইলেক্ট্ৰিক বাইক। ভাল খবৰ এয়াই যে ৰেপিড’, অ’লা, উবেৰতকৈ ব্যতিক্ৰম হ’ব এই ‘বায়ু’ এপ। ব্যতিক্ৰম এইবাবেই যে ৰেপিড’, অ’লা, উবেৰতকৈ কম ভাৰাত জনতাই যাত্ৰা এই এপত বুক কৰি যাত্ৰা কৰিব পাৰিব। ‘বায়ু’ এপত চালকে কেঞ্চেল কৰিব নোৱাৰিব বুকিং। তদুপৰি গ্ৰাহকে দিব নালাগে অধিক ভাৰা। এপত দেখুওৱা ভাৰাই দিব যাত্ৰীয়ে। প্লে ষ্টোৰত এই ‘বায়ু’ এপটো উপলব্ধ বুলি জানিব পৰা গৈছে।