🔹 অসচেতন নাগৰিকৰ কৰ্মৰ ফল ভুগিছে জনসাধাৰণে
নিয়মীয়া বাৰ্তা, ১৩ জুলাই : অসমৰ অতি ক্ষুদ্ৰ আৰু দেশৰ প্ৰথম চাহ ৰোপণ কৰা ঐতিহাসিক চহৰ চাবুৱা৷ মায়ামৰা ধৰ্মৰ প্ৰধান সত্ৰ অৱস্থিত, দেশৰ প্ৰতিৰক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ স্থান চাবুৱা বুলি যিটো ৰূপ দেখা পাব লাগে তাৰ সম্পূৰ্ণ এখন বিপৰীত ছবিহে দেখা পোৱা যায়৷ ডিব্ৰুগড় -তিনিচুকীয়া সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় পথত তিনি ঠাইত, চাবুৱা কলেজ পথত আৰু চাবুৱা গেছ এজেঞ্চীৰ সন্মুখত বৰষুণৰ পানী সমগ্ৰ বাৰিষাটোতে জমা হৈ থকাত চাবুৱা নগৰবাসীৰ লগতে ৰাষ্ট্ৰীয় পথেৰে যাত্ৰা কৰা প্ৰতিজন যাত্ৰীয়ে জলাকলা খাইছে৷ চাবুৱা বিধানসভা সমষ্টিৰ বিধায়কৰ বাসগৃহৰ চৌহদ আৰু সমীপৱৰ্তী বাসিন্দাৰ চৌহদতে এটা নিশাৰ বৰষুণত একাঁঠু পানী জমা হয়৷ এই বিষয়ত চাবুৱা পৌৰসভাই সীমিত ক্ষমতাৰ ভিতৰত জে চি বি আৰু পৌৰকৰ্মীসহ জমা পানী নিষ্কাশন কৰিবলৈ চেষ্টা কৰিও বিফল হোৱা দেখা গৈছে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ জমা পানী ওলাই যাবলৈ নিৰ্দিষ্ট নলা নথকাটোৱেই একমাত্ৰ কাৰণ বুলি সকলোৱে জানিলেও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নিৰ্বিকাৰ হৈ আছে৷ তদুপৰি ৰাষ্ট্ৰীয় পথৰ কাষত প্ৰকাণ্ড নলা আছে যদিও সেই নলাৰে পানী ওলাই যাব নোৱাৰে৷ বৰঞ্চ নলাৰ পানী পথলৈ ওলাই আহে ৷ ইয়াৰ কাৰণ হৈছে অপৰিকল্পিত নলা নিৰ্মাণ৷ তদুপৰি চাবুৱাৰ একাংশ নগৰবাসীয়ে য’তেই মন যায জাবৰ পেলায় আৰু নলাৰ ফুটা পালেই জাবৰৰ টোপোলা ভৰাই দিয়ে৷ কেৱল সংশ্লিষ্ট বিভাগেই সমস্যাটোৰ বাবে দায়ী নহয়, সমানে নগৰবাসীও৷ অপৰিকল্পিত চৌহদ নিৰ্মাণ আদিও ইয়াৰ কাৰণ হিচাপে বিবেচিত হৈছে৷ বহুতেই ঘৰ-বাৰী নিৰ্মাণ কৰিলেও চৌহদৰ পানী কোনফালে ওলাই যাব, তাৰ পৰিকল্পনা নকৰি নিজৰ চৌহদটো পথতকৈ অধিক ওখ কৰি পেলায়। কিন্তু চৌহদৰ কাষত নলা নিৰ্মাণ কৰিবলৈ এক ইঞ্চিও মাটি এৰি নিদিয়ে৷ তেনে অৱস্থা চাবুৱাৰ গেছ এজেঞ্চীৰ সন্মুখভাগতো দেখা যায়৷ এফালে গেছ এজেঞ্চীৰ ওখ চৌহদৰ বেৰ, কাষতে এগৰাকীয়ে মাটি তুলি চৌহদ ওখ কৰিলে৷ কেউটা নিৰ্মাণ কাৰ্যত নলা নিৰ্মাণৰ সুবিধা কৰি নোলোৱাৰ ফলতে সমগ্ৰ বাৰিষ পথটো পানীৰে ভৰি থাকে৷ উক্ত পথৰ কাষৰীয়া বাসিন্দাসকলেই চাবুৱা অঞ্চলৰ নেতৃস্থানীয় আৰু গণ্যমান্য ব্যক্তি৷ তথাপি সমস্যাটোৰ প্ৰতি কাৰো ভ্ৰূক্ষেপ নাই৷ আনহাতে, চাবুৱাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ডি ডি আৰ মহাবিদ্যালৰ প্ৰৱেশ পথতে অৱস্থিত বি এছ এন এল কেন্দ্ৰৰ সন্মুখৰ পথৰ অংশ এটা যুগৰ পূৰ্বেই নিৰ্মাণৰ সময়ত তললৈ নামি যোৱা৷ নিৰ্মাণতে বিসংগতি থকা পথটোৰ কাষতে নলা আছে যদিও সেই নলাৰে কাষৰীয়া বাসিন্দাৰ চৌহদৰ বৰ্জিত লেতেৰা পানীহে ওলাই আহি পৰিৱেশ বিনষ্ট কৰি তুলিছে৷ সমগ্ৰ বাৰিষা উক্ত পথৰ অংশৰ গেলা-পানীত পথচাৰীয়ে খোজ পেলাব লগা হয়৷ পুৱাই কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে গেলা-পানী গচকি বিদ্যালয়লৈ যোৱাটো অতি পৰিতাপৰ কথা৷ অতিকৈ চকুত লগা কথা যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বিভিন্ন স্থানত দেখা যায় জাবৰৰ দ’ম৷ এইবোৰেই বাৰিষাৰ বৰষুণত উটি সমগ্ৰ পথছোৱা কৰ্দযময় কৰি তোলে৷ চাবুৱা নগৰ চাৰিআলিৰ পৰা চাবুৱা ৰাজহুৱা শ্মশানলৈকে প্ৰায় দুই-তিনি কিলোমিটাৰ নলা জাবৰ আৰু বিভিন্ন অংশ ভাগি পোত যোৱা আন এক সমস্যা সকলোৱে প্ৰত্যক্ষ কৰিছে৷ সমস্যাবোৰ সমাধান হ’ব লাগে বুলি সকলোৱে একমুখে দাবী জনালেও কাৰণসমূহ চিনাক্ত নকৰাকৈ সমস্যাটো সমাধান নহয়৷ তদুপৰি নগৰবাসীৰ সহযোগিতা অবিহনে এই সমস্যা সমাধান নোহোৱাটো ধুৰূপ৷
প্ৰেৰক দিব্যজ্যোতি লাহন