আৰক্ষীৰ পৰা উৎকোচ লৈ গ্রেপ্তাৰ কোষাগাৰৰ মহিলা কর্মচাৰী
নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ উৎকোচ লৈ নগাঁৱৰ আৰক্ষীৰ জালত পৰিল নগাঁও কোষাগাৰৰ এগৰাকী মহিলা কর্মচাৰী৷ আজি বিয়লি এগৰাকী আৰক্ষী কনিষ্টবলৰ পৰা ১,০০০ টকা উৎকোচ গ্রহণ কৰি মহিলা কর্মচাৰীগৰাকী গ্রেপ্তাৰ হোৱা ঘটনাই নগাঁৱত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে প্রতিক্রিয়া সৃষ্টি হৈছে৷ নগাঁও কোষাগাৰত কনিষ্ঠ গাণনিক সহায়ক হিচাপে কর্মৰত খুচবু হৰলালকাক বুধবাৰে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এগৰাকী আৰক্ষী কনিষ্টবলৰ পৰা উৎকোচ লোৱাৰ সময়তে হাতে–লোটে ধৰা পেলায়৷ জানিব পৰা মতে নবীন বৰা নামৰ এগৰাকী আৰক্ষী কনিষ্টবলে জি পি এফৰ পৰা ঋণ ল’বৰ বাবে বিভাগীয় কর্তৃপক্ষৰ জৰিয়তে আবেদন কৰিছিল৷ কোষাগাৰত জি পি এফৰ বিল পাছ কৰিবৰ বাবে নগাঁও কোষাগাৰৰ এই মহিলা কর্মচাৰীগৰাকীৰ কাষ চাপিছিল তেওঁ৷
মহিলা কর্মচাৰীগৰাকীয়ে ১,০০০ টকা দিলেহে বিল পাছ কৰিব বুলি আৰক্ষী কনিষ্টবলগৰাকীক জানিবলৈ দিয়ে৷ উপায়ান্তৰ হৈ কনিষ্টবলগৰাকীয়ে কোষাগাৰৰ পৰা ওলাই আহি বিষয়টো নগাঁও আৰক্ষীক অৱগত কৰে৷ নগাঁও আৰক্ষীয়ে কনিষ্টবলগৰাকীক লগত লৈ কোষাগাৰত উপস্থিত হয়৷ আৰক্ষী কনিষ্টবলগৰাকীয়ে কোষাগাৰৰ মহিলা কর্মচাৰীগৰাকীক ১,০০০ টকা উৎকোচ দিয়াৰ সময়তে আৰক্ষীয়ে কর্মচাৰীগৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷
এই সন্দর্ভত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রই সংবাদ মাধ্যমৰ আগত কয়– আমি নির্দিষ্ট তথ্যৰ ভিত্তিত নগাঁও কোষাগাৰৰ কনিষ্ঠ গাণনিক সহায়ক খুচবু হৰলালকাক গ্রেপ্তাৰ কৰিছেছা৷ বিপদত পৰিহে কনিষ্টবলগৰাকীয়ে জি পি এফৰ ধন বিচাৰিছে৷ এনে মানুহৰ পৰা ধন বিচৰাটো গুৰুতৰ অপৰাধ৷ আমি কর্মচাৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছেছা৷ এইক্ষেত্রত আইনী ব্যৱস্থা গ্রহণ কৰিম৷ উল্লেখ যে নগাঁও কোষাগাৰৰ এইগৰাকী মহিলা কর্মচাৰীয়ে বিভিন্ন বিভাগৰ কর্মচাৰীৰ পৰা বিল পাছ কৰাৰ নামত উৎকোচ গ্রহণ কৰি অহাৰ বিপৰীতে উৎকোচ দিব নিবিচৰাসকলক হাৰাশাস্তি কৰি আহিছে৷এশ গৰু মাৰিলে বাঘৰ মৃত্যু হয়– এই আপ্তবাক্যশাৰী মহিলা কর্মচাৰীগৰাকীৰ ক্ষেত্রত প্রতিপন্ন হ’ল৷
উল্লেখ যে নগাঁও কোষাগাৰত একাংশ বিষয়া–কর্মচাৰীয়ে দীর্ঘদিন ধৰি বিভিন্ন বিভাগৰ চৰকাৰী কর্মচাৰী, শিক্ষক আদিৰ দৰমহা, পেন্সনকে ধৰি বিভিন্ন বিল পাছ কৰাৰ নামত উৎকোচৰ এখন বৃহৎ বজাৰ বহুৱাই আহিছে৷ এই সন্দর্ভত জিলা কোষাগাৰৰ বিষয়াকে ধৰি ঊর্ধ্বতন কর্তৃপক্ষক অৱগত কৰি আহিছে যদিও এইক্ষেত্রত সংশ্লিষ্ট কর্তৃপক্ষই ৰহস্যজনক কাৰণত কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰে৷ নগাঁও কোষাগাৰত চলি থকা এনেবোৰ কাম–কাজৰ তদন্ত কৰাৰ লগতে এনে কার্যৰ লগত জডিতসকলক কঠোৰ শান্তি বিহিবলৈ চৰকাৰক সচেতন মহলে দাবী জনাইছে৷