নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ভিতৰতে অসমত সর্বাধিক হাৰত মহিলাৰ বিৰুদ্ধে অপৰাধ

এনচিআৰবিৰ ‘ক্রাইম ইন ইণ্ডিয়া–২০২০’ প্রতিবেদনত উদ্বেগজনক তথ্য

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ মহিলাৰ বিৰুদ্ধে অপৰাধৰ শীর্ষ ৰাজ্যলৈ পর্যবসিত হৈছে অসম৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৱে (এন চি আৰ বি) সদ্যহতে প্রকাশ কৰা ‘ক্রাইম ইন ইণ্ডিয়া–২০২০’ শীর্ষক প্রতিবেদনত অসমৰ বাবে অতি লজ্জাজনক এই তথ্য পোহৰলৈ আহিছে৷ বাস্তৱত মহিলাৰ বাবে অসম মুঠেই সুৰক্ষিত নহয়৷ বিগত বছৰত অর্থাৎ ২০২০ চনত ৰাজ্যৰ প্রতি ৬৬৭গৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলাই ধর্ষণ কিম্বা ঘৰুৱা নির্যাতন কিম্বা বিভিন্ন ধৰণৰ শাৰীৰিক তথা মানসিক আতিশয্যৰ চিকাৰ হৈছে৷

এন চি আৰ বিৰ প্রতিবেদন অনুসৰি অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ দেশৰ ভিতৰত সর্বাধিক (১৫৪.৩)৷ তথ্য মতে ২০২০ বর্ষত অসমত মহিলাৰ সংখ্যা আছিল ১.৭০৭ কোটি৷ এই বর্ষত অসমত অপৰাধৰ বলি হৈছে ২৬,৩৫২গৰাকী মহিলা৷ উল্লেখ্য যে ২০১৭ চনৰ পৰা চতুর্থবাৰৰ বাবে একেৰাহে মহিলাৰ বিৰুদ্ধে অপৰাধৰ তালিকাত দেশৰ ভিতৰত অসমে অতি লজ্জাজনকভাৱে শীর্ষস্থান দখল কৰিছে৷ ইয়াৰ পূর্বে দেশৰ ৰাজধানী দিল্লী আছিল মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্রতো শীর্ষত৷ পিছে এইবাৰ ৰাজ্যখনে তালিকাৰ তৃতীয় স্থানত (১০৬.৪) আছে৷ ১১২.৯ হাৰত দ্বিতীয় স্থানত আছে ওড়িশা৷

উল্লেখ্য যে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৰাষ্ট্রীয় হাৰ হৈছে ৫৬.৫৷ সেয়েহে কোনো সন্দেহ নাই ১৫৪.৩ হাৰ লাভ কৰি অসমে এতিয়া মহিলাৰ বিৰুদ্ধে অপৰাধৰ অভিকেন্দ্রত পৰিগণিত হৈছে৷ উদ্বেগজনক বিষয়টো হৈছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ নিষ্পত্তি কৰাৰ ক্ষেত্রত অসম আৰক্ষীৰ ব্যর্থতাও এন চি আৰ বিৰ প্রতিবেদনত প্রতিফলিত হৈছে৷ ২০২০ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ মাত্র ৬৩.৮ শতাংশ গোচৰত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছে আৰক্ষী৷ দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত একমাত্র ৰাজস্থানক (৫৫) বাদ দিলে অভিযোগনামা দাখিলৰ ক্ষেত্রত অসম সমগ্র দেশৰ ভিতৰত পিছপৰি আছে৷ ৰাষ্ট্রীয় পর্যায়ত অভিযোগনামা দাখিলৰ হাৰ হৈছে ৭৮.৬ শতাংশ৷ লক্ষণীয়ভাৱে কেৱল মহিলাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰতেই নহয়, সামগ্রিকভাৱে সংগঠিত অপৰাধৰ গোচৰতো অভিযোগনামা দাখিলৰ ক্ষেত্রত অসম আৰক্ষীৰ ব্যর্থতা চকুত পৰিবলগীয়া৷

এন চি আৰ বিৰ প্রতিবেদন অনুসৰি ২০২০ চনত অসমত মুঠ ১,১১,৫৫৮টা অপৰাধমূলক ঘটনা সংঘটিত হৈছে৷ ইয়াৰ ভিতৰত মাত্র ৪৭.১ শতাংশ গোচৰতহে অসম আৰক্ষীয়ে অপৰাধনামা দাখিল কৰিবলৈ সক্ষম হৈছে৷ দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত অসমৰ এই হাৰ সর্বনিম্ন৷ লক্ষণীয়ভাৱে ৰাষ্ট্রীয় পর্যায়ত সামগ্রিক অপৰাধৰ গোচৰত অভিযোগনামা দাখিলৰ হাৰ হৈছে ৭৫.৮ শতাংশ৷ আনহাতে অতি উদ্বেগজনকভাৱে নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৰ প্রতিবেদনত প্রকাশ পোৱা তথ্য অনুসৰি ২০২০ চনত দেশত দৈনিক ৮০টা হত্যা আৰু ৭৭টা ধর্ষণৰ ঘটনা সংঘটিত হৈছে৷ উল্লেখ্য যে যোৱা বছৰ দেশত মুঠ ৪২,৫৪,৩৫৬টা অপৰাধমূলক ঘটনা সংঘটিত হৈছে৷ আনহাতে ক্রমাৎ অসমত চাইবাৰ ক্রাইমৰ ঘটনাও উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

এন চি আৰ বিৰ প্রতিবেদন অনুসৰি ২০১৮ চনত অসমত ২,০২২টা চাইবাৰ ক্রাইমৰ ঘটনা সংঘটিত হৈছিল৷ ২০১৯ত এই সংখ্যা বৃদ্ধি পাইছিল ২,২৩১লৈ৷ ২০২০ চনত দেখা গ’ল ২০১৯ চনতকৈ অসমত ৫০ শতাংশৰো বেছি চাইবাৰ ক্রাইমৰ ঘটনা সংঘটিত হ’ল৷ সংঘটিত হ’ল ৩,৫৩০টা চাইবাৰ অপৰাধমূলক ঘটনা৷ বাস্তৱত ৰাষ্ট্রীয় পর্যায়তকৈও অসমত সংঘটিত চাইবাৰ ক্রাইমৰ হাৰ অত্যধিক৷ ২০২০ চনত অসমত সংঘটিত চাইবাৰ ক্রাইমৰ হাৰ আছিল ১০.১৷ ৰাষ্ট্রীয় পর্যায়ত এই হাৰ হৈছে মাত্র ৩.৭৷ বাস্তৱত কর্ণাটক (১৬.২) আৰু তেলেংগানাৰ (১৩.৪) পাছত অসমতেই চাইবাৰ ক্রাইমৰ হাৰ দেশৰ ভিতৰত সর্বাধিক৷ চাইবাৰ ক্রাইমৰ ঘটনাত অভিযোগনামা দাখিলৰ ক্ষেত্রতো অসমৰ হাৰ দেশৰ ভিতৰত সর্বনিম্ন৷ ৰাষ্ট্রীয় পর্যায়ত যেতিয়া এই হাৰ হৈছে ৪৭.৫, তেতিয়া অসমত চাইবাৰ ক্রাইমৰ ঘটনাত অভিযোগনামা দাখিলৰ হাৰ হৈছে মাত্র ১৯.৪ শতাংশ৷
১৯ মেট্র’পলিটান চহৰত মহিলাৰ বিৰুদ্ধে অপৰাধ ২১.১ শতাংশ হ্রাস
দেশজুৰি ২০১৯ৰ তুলনাত ২০২০ত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা সামান্য নিম্নগামী হৈছে৷ ১৯ মেট্র’ পলিটান চহৰত মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা ২১.১ শতাংশ হ্রাস পোৱাৰ বিপৰীতে দেশজুৰি ২০১৯ৰ তুলনাত ২০২০ত এনে অপৰাধ ৮.৩ শতাংশ হ্রাস পাইছে৷ এয়া সামান্য সকাহৰ তথ্য যদিও দেশজুৰি হত্যা আৰু ধর্ষণৰ ঘটনা তুলনামূলক দৃষ্টিত হ্রাস পোৱা নাই৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ (এন চি আৰ বি)ই ক্রাইম ইন ইণ্ডিয়া ২০২০ শীর্ষক প্রতিবেদনত প্রকাশ কৰা তথ্য অনুসৰি দেশত প্রতিদিনে গড়ে ৮০টা হত্যাৰ ঘটনা সংঘটিত হয়৷ প্রতিদিনে গড়ে ৭৭ ধর্ষণৰ ঘটনা সংঘটিত হয়৷

তাৎপর্যপূর্ণ যে তুলনামূলকভাবে দেশত অপহৰণৰ ঘটনা ১৯ শতাংশ হ্রাস পাইছে৷ এন চি আৰ বিয়ে  প্রকাশ কৰা প্রতিবেদনত উত্তৰ প্রদেশত সর্বাধিক হত্যাৰ ঘটনা সংঘটিত হৈছে৷ দেশজুৰি সংঘটিত ২৯,১৯৩ ঘটনাৰ ভিতৰত উত্তৰ প্রদেশত ৩,৭৭৯টা ঘটনা সংঘটিত হৈছে৷ ইয়াৰ পাছতেই বিহাৰত ৩,১৫০, মহাৰাষ্ট্রত ২,১৬৩, মধ্যপ্রদেশত ২,১০১, পশ্চিমবংগত ১,৯৪৮টা হত্যাৰ ঘটনা সংঘটিত হৈছে৷ দেশৰ ৰাজধানী নতুন দিল্লীত অপৰাধমূলক ঘটনা ২০১৯ৰ তুলনাত ২০২০ত ১৬ শতাংশ হ্রাস পাইছে৷ প্রতিবেদন মতে, দিল্লীত ৪৭২ হত্যাকাণ্ড সংঘটিত হৈছে৷ ২০১৯ত প্রতিদিনে ৭৯টা হত্যাকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ২০২০ত ৮০টা সংঘটিত হৈছে৷ অর্থাৎ এক শতাংশ হত্যাকাণ্ড বৃদ্ধি পাইছে৷ দেশজুৰি ২০২০ত গড়ে ৭৭টা ধর্ষণৰ ঘটনা সংঘটিত হৈছে৷ মুঠ ধর্ষণৰ ঘটনা ২৮,০৪৬টা৷

লক্ষণীয় যে ২০১৮ৰ তুলনাত ২০১৯ত মহিলাৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা বৃদ্ধি পাইছিল যদিও ২০২০ত এই ঘটনা হ্রাস পাইছে৷ ২০২০ত দেশজুৰি মহিলাৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা সংঘটিত হৈছে ৩,৭১,৫০৩টা৷ ২০ লাখতকৈ অধিক জনসংখ্যাৰ ১৯ মেট্র’ পলিটান চহৰত ২০১৯ৰ তুলনাত ২০২০ত মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা ২১.১ শতাংশ হ্রাস পাইছে৷ ২০১৯ চনত সংঘটিত ৪৪,৭৮৩ৰ বিপৰীতে ২০২০ত এই ঘটনা সংঘটিত হৈছে ৩৫,৩৩১টা৷ ২০১৮ আৰু ২০১৯ৰ তুলনাত ২০২০ত অপহৰণৰ ঘটনা ১৯ শতাংশ হ্রাস পাইছে৷ এই বর্ষটোত ৮৪,৮০৫টা অপহৰণৰ ঘটনা সংঘটিত হৈছে৷ ইয়াৰ ভিতৰত ১২,৯১৩টা উত্তৰ প্রদেশত, পশ্চিমবংগত ৯,৩০৯টা, মহাৰাষ্ট্রত ৮,১০৩টা, বিহাৰত ৭,৮৮৯টা আৰু মধ্যপ্রদেশত ৭,৩২০টা৷

You might also like