নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : মহামাৰী ক’ভিডত আক্ৰান্ত হৈ ২০২০ চনৰ ১২ ছেপ্টেম্বৰত অকালতে মৃত্যু ঘটা বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী মীনাক্ষি শৰ্মাৰ স্মৃতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে আজি ‘গছৰ দিন’ উদ্যাপন কৰা হয়৷ গ্ৰীন মিছন, বজালীৰ উদ্যোগত তথা প্ৰয়াত শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়াল আৰু কঠালমুৰিঘাট হাইস্কুলৰ সহযোগত শিক্ষানুষ্ঠানখনৰ চৌহদত পালন কৰা এই ‘গছৰ দিন’ত শিক্ষানুষ্ঠানখনত কেইবাজোপা গছপুলি ৰোপণ কৰাৰ লগতে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ শিক্ষয়িত্ৰীগৰাকীৰ স্বামী তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ কৰুণামোহন শৰ্মাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত শৰ্মাই প্ৰয়াত শিক্ষয়িত্ৰীগৰাকীৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে তেওঁৰ অবৰ্তমান পৰিয়ালটোৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে৷ তেওঁ কয় যে ‘গছৰ দিন’ উদ্যাপনে মীনাক্ষি শৰ্মাৰ স্মৃতিক কিছু পৰিমাণে হ’লেও সজীৱ কৰি ৰাখিব৷ ইয়াৰ বাবে তেওঁ গ্ৰীন মিছনৰ সঞ্চালক আনন্দ খাটনিয়াৰৰ মহান প্ৰচেষ্টাৰ শলাগ লয়৷ অনুষ্ঠানত বজালী জিলা পৰিষদৰ উপ-সভাপতি ভনিতা ৰয় বড়ো, গ্ৰীন মিছনৰ সঞ্চালক আনন্দ খাটনিয়াৰ, কঠালমুৰীঘাট হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গজেন্দ্ৰ চন্দ্ৰ নাথ, শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক গিৰীণ পাটগিৰি, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মৃগেন কলিতা, শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়াত মীনাক্ষি শৰ্মাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে৷ ইয়াৰ পিছতে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি গ্ৰীন মিছন, বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰে ভাষণত কয় যে মীনাক্ষি শৰ্মাৰ দৰে কৃতী শিক্ষয়িত্ৰীৰ অকাল বিয়োগ এক অপূৰণীয় ক্ষতি৷ তেনে এগৰাকী বিদুষী মহিলাৰ স্মৃতিত গছপুলি ৰোপণে মীনাক্ষি শৰ্মাৰ স্মৃতিকে অকল শ্যামল কৰি ৰাখিব তেনে নহয়, ই আমাৰ পৰিৱেশকো চিৰসেউজ কৰি ৰাখিব৷ খাটনিয়াৰে সকলোকে বৃক্ষৰোপণৰ দ্বাৰা আমাৰ অঞ্চলসমূহ বাসোপযোগী কৰি ৰাখিবলৈ আহবান জনায় আৰু মীনাক্ষি শৰ্মাৰ স্মৃতিত তৃতীয় বৰ্ষৰ বাবে আয়োজন কৰা এই গছৰ দিন উদ্যাপনৰ ভৱিষ্যতলৈ বিভিন্ন কাৰ্যসূচীৰে কৰা হ’ব বুলি উল্লেখ কৰে৷ উৎপল ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোত প্ৰয়াত শৰ্মাৰ স্মৃতিচাৰণ কৰি বজালী জিলা পৰিষদৰ উপ-সভাপতি ভনিতা ৰয় বড়োই নিজৰ শিক্ষা জীনৱত প্ৰয়াত মীনাক্ষি শৰ্মাক শিক্ষয়িত্ৰী হিচাপে পোৱাৰ কথা উল্লেখ কৰি তেওঁৰ সতে পাৰ কৰা সোণালী সময়ৰ কথা ব্যক্ত কৰে৷ সভাৰ আৰম্ভণিতে বিদ্যালয় কৰ্তৃপক্ষ আৰু প্ৰয়াত শৰ্মাৰ পৰিয়ালৰ তৰফৰ পৰা অভ্যাগতসকলক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়৷
প্ৰেৰক কল্যাণ কলিতা