নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰকৃতিপ্ৰেম : নিৰলস গছপুলি ৰোপণ মাহমৰাৰ দুলাল কোঁৱৰৰ

নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ মানুহজনৰ নাম দুলাল কোঁৱৰ। বয়স বৰ্তমান ৫৫ বছৰ। চৰাইদেউৰ মাহমৰা সমষ্টিৰ ভড়াঁলীপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দা-ধৰা গাঁৱৰ এইজন প্ৰকৃতিপ্ৰেমীয়ে ২০০৮ চনৰে পৰা গাঁওখনৰ পথৰ কাষত বিভিন্ন ফল-মূলৰ গছপুলি ৰোপণ কৰি আহিছে। ইতিমধ্যে বহু গছপুলি পুৰঠ হৈ ফল দিবলৈ আৰম্ভ কৰিছে। সম্পূৰ্ণ নিজাববীয়াকৈ তেখেতে এই কাম কৰি আহিছে। কোনো ব্যক্তিৰ ঘৰত যদি তেখেতে ফলমূলৰ পুলি দেখা পাই তেন্তে সেই ব্যক্তিজনৰ কাষ চাপি গছপুলিটো বিচাৰে। অৱশ্যে তেনেকৈ তেখেতে বিচৰাত কোনেও আজিৰ লৈকে নিদিয়াকৈ থকা নাই। কিন্তু গছপুলিটো কেৱল ৰোপন কৰিলেই নহব। ইয়াক প্ৰতিপালন কৰিব লাগিব। আনহাতে পুলিটো সুৰক্ষা দিয়াৰ স্বাৰ্থত তেওঁ নিজা বাৰীৰ বাঁঁহ কাটি ঘেৰা নিৰ্মাণ কৰে। প্ৰতিটো ঘেৰাৰ বাবদ দুডালকৈ বাঁহৰ প্ৰয়োজন হয়। কোনোদিনেই সংবাদ মাধ্যমে তেওঁৰ এই মহৎ কাৰ্যৰ সম্পৰ্কত বাতৰি পৰিৱেশন কৰা নাই যদিও শেহতীয়াকৈ মানুহজনৰ এই কাৰ্যৰ সম্পৰ্কত আকস্মিকভাৱে সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হয়। প্ৰচাৰবিমুখ এইজনপ্ৰকৃতিপ্ৰেমী দুলাল কোঁৱৰক সংবাদ মাধ্যমে বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল মাহমৰাৰ জেলুকণি নামৰ এখন অতি ভিতৰুৱা গাঁৱত। তাত তেওঁ গছপুলি ৰোপন কৰিবৰ বাবে ঘেৰা নিৰ্মাণ কৰি থকাৰ অৱস্থাত। তেনেই অসাধাৰণ ব্যক্তিজনক সাক্ষাৎ কৰি সংবাদ মাধ্যমে তেওঁৰ এই কাৰ্যৰ প্ৰতি কিয় আকৰ্ষিত হৈছে বুলি জানিব বিচৰাত তেওঁ এষাৰ কথাই কলে যে, প্ৰকৃতি অবিহনে এই বসুন্ধৰা কেতিয়াও সৌন্দৰ্যবৰ্ধন হব নোৱাৰে। যিসকলে গছক ভাল পাব নোৱাৰে সেইসকলে প্ৰকৃতিৰ লগত কেতিয়াও একাত্ম হব নোৱাৰে। তেওঁ লগতে উল্লেখ কৰে যে, আমাৰ সমাজত এনে কিছুমান ব্যক্তি আছে। যি নেকি মই ৰোপন কৰা গছপুলিটোৰ ঘেৰাটো নিশাই কাটি থৈ আহে অথবা ঘেৰাটোৰ ভিতৰত মদৰ বটল ভাঙি পেলাই থৈ আহে। আনহাতে তেখেতে জানিবলৈ দিয়া অনুসৰি, যোৱা ১৬ বছৰত তেখেতে দহ হাজাৰতকৈ বেছি গছপুলি ৰোপন কৰিছে। অৱশ্যে আজিৰ লৈকে কোনোধৰণৰ চৰকাৰী অনুমোদিত গছপুলি তেখেতে লাভ কৰা নাই। আনহাতে অসমৰ দ্বিতীয়জন যাদৱ পায়েং বুলি অভিহিত কৰিব পৰা প্ৰকৃতিপ্ৰেমী দুলাল কোঁৱৰৰ এই কামৰ প্ৰতি চৰকাৰী বিভাগীয় কৰ্তৃপক্ষ আৰু ৰজাঘৰীয়াই কোনোদিনে খবৰ ৰখা নাই। চৰকাৰ অথবা স্থানীয় বিধায়ক যোগেন মহনেও তেওঁক আজিলৈকে কোনোধৰণৰ চৰকাৰী সাহাৰ্য প্ৰদান নকৰিলে। সংবাদ মাধ্যমৰ আগত তেওঁ আক্ষেপ প্ৰকাশ কৰি কয় যে বিভিন্ন সভা সমিতিলৈ তেওঁক আমন্ত্ৰণ কৰে যদিও এখন গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ বাহিৰে কোনেও মোক গছপুলি এটা অথবা ঘেৰা বনাবলৈ বাঁহ এডাল নিদিয়ে। সেইবাবে পৰাপক্ষত সেইবিলাক সভা সমিতিলৈ আমন্ত্ৰণ কৰিলেও আজিকালি এৰাই চলিছো। আনহাতে এইগৰাকীৰ প্ৰকৃতিপ্ৰেমীয়ে অনাগত দিনত বিভিন্ন পথৰ কাষত আৰু দহ হাজাৰ গছপুলি ৰোপন কৰাৰ পৰিকল্পনা কৰা বুলি উল্লেখ কৰি তেওঁক যদি চৰকাৰীভাৱে স্থানীয় বিধায়ক অথবা মন্ত্ৰী, খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়তৰ জৰিয়তে গছপুলি যোগান ধৰে তেওঁ অত্যন্ত সুখী হব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। যি সময়ত এফালে যদি ব্যাপক হাৰত বন ধ্বংস সৃষ্টি হৈছে আনহাতে আকৌ এই প্ৰকৃতিপ্ৰেমী দুলাল কোঁৱৰে প্ৰকৃতি সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টাৰে চৰকাৰী সাহাৰ্য অবিহনে যোৱা ১৬ বছৰে এনেদৰে গছপুলি ৰোপন কৰি যি সামাজিক দায়বদ্ধতা পৰিচয় দিছে । সেয়া যেন সকলোৰে বাবে আদৰ্শৰ প্ৰতীক হোৱাৰ লগতে পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰাত যেন অতন্দ্ৰপ্ৰহৰী হিচাপে সকলোৰে আগত থিয় দিছে ।
প্ৰেৰক দীপাংকৰ পাল
You might also like