নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ ভগামুৰত ট্ৰেভেলাৰেৰে গৰু সৰবৰাহ কৰিবলৈ লওঁতে জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰ : ৰাজ্য চৰকাৰৰ নিৰ্দেশত আৰক্ষী প্ৰশাসনে চোৰাং গৰু সৰবৰাহ ৰোধ কৰিবলৈ যি সময়ত সৰৱ হৈ পৰিছে সেই একে সময়তে নগাঁও জিলাৰ চামগুৰিত চোৰাং গৰু সৰবৰাহকাৰীয়ে নিত্য নতুন কৌশল অৱলম্বন কৰি চোৰাং গৰু সৰবৰাহ কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ কথা পোহৰলৈ আহিছে ৷ নগাঁৱৰ চামগুৰি থানাৰ আৰক্ষীয়ে যোৱানিশা এক গোপন খবৰৰ ভিত্তিত চামগুৰি সমষ্টিৰ ভাগামুৰ অঞ্চলত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই এখন ট্ৰেভেলাৰ গাড়ীৰ পৰা চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে চামগুৰি সমষ্টিৰ অন্তৰ্গত ভগামুৰ অঞ্চলৰ পৰা চোৰাং গৰু সৰবৰাহকাৰীয়ে এখন যাত্ৰীবাহী ট্ৰেভেলাৰ গাড়ীত যোৱা নিশা প্ৰায় ৪.৩০ বজাত চোৰাং গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰে৷ সেই সময়তে চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত উক্ত অঞ্চলটোত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই এএছ ০ ১ এইচ চি ৩২৪৩ নম্বৰৰ ট্ৰেভেলাৰ খনৰ সহ ১৮টা চোৰাং গৰু জব্দ কৰে যদিও গাড়ী খনৰ চালক সহ চোৰাং গৰু সৰবৰাহকাৰী কেইজন আন্ধাৰৰ সুবিধা গ্ৰহণ কৰি পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে যোৱা নিশা আৰক্ষীয়ে জব্দ কৰা চোৰাং গৰু খিনি নগাঁও গো-শালালৈ প্ৰেৰণ কৰাৰ লগতে উক্ত ট্ৰেভেলাৰ গাড়ী খন চামগুৰি আৰক্ষী থানাত আছে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like