নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফুৰ তাৰালাংছ’ত জনজাতি সাংস্কৃতিক সমাৰোহৰ বৰ্ণাঢ্য সামৰণি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ ডিচেম্বৰঃ যোৱা ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ ডিফুৰ তাৰালাংচ’ত অসম জনজাতি সাংস্কৃতিক মহাসভাই কাৰবি সাংস্কৃতিক সমাজৰ সহযোগ আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত প্ৰথমবাৰৰ বাবে আয়োজন কৰা জনজাতি সাংস্কৃতিক সমাৰোহ সফলতাৰে সম্পন্ন হৈ যায়। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন জনজাতিৰ প্ৰায় তিনি শতাধিক লোকনৃত্য শিল্পীৰ লগতে কাৰবি আংলং জিলাৰ ৯টা জনজাতিৰ প্ৰায় দুই শতাধিক লোক কৃষ্টিৰ শিল্পীয়ে এই সমাৰোহত অংশগ্ৰহণ কৰি লোক নৃত্য পৰিবেশন কৰাৰ উপৰি ১৪ আৰু ১৫ ডিচেম্বৰৰ সন্ধিয়া লোকসংগীতৰ অনুষ্ঠানত জনজাতি সমাজৰ বহুকেইগৰাকী জনপ্ৰিয় সংগীত শিল্পীয়ে নিজ নিজ ভাষাৰ গীত পৰিবেশন কৰে। ১৩ ডিচেম্বৰৰ বিয়লি বিভিন্ন জিলাৰ পৰা অহা অসম জনজাতি সাংস্কৃতিক মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য, মহাসভাৰ জিলা সমিতিসমূহৰ সদস্য আৰু প্ৰতিনিধিসকলৰ পঞ্জীয়নৰ পিছতে সমাৰোহ থলীত সমবেত হোৱা সকলো বিষয়ববীয়া, সদস্য, প্ৰতিনিধি আৰু শিল্পী সকলৰ পৰিচয় আৰু আন্তৰিক মত বিনিময়ৰ অনুষ্ঠান হয়। সন্ধিয়া প্ৰতিনিধি আৰু শিল্পীসকলৰ শিবিৰ মুকলি কৰে জনজাতি সাংস্কৃতিক সমাৰোহৰ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কলা আৰু সংস্কৃতি বিভাগৰ কাৰ্যবাহী সদস্য সূৰ্য্য ৰংফাৰে। দ্বিতীয় দিনা পুৱা তাৰালাংচ’ৰ কাৰবি সাংস্কৃতিক সমাজৰ মুকলি পথাৰত বহুসংখ্যক সংস্কৃতি প্ৰেমীৰ উপস্থিতিত একেলগে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ পতাকা উত্তোলন কৰে সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে আৰু কাৰবি সাংস্কৃতিক সমাজৰ পতাকা উত্তোলন কৰে সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৱে। লগে লগে ক্ৰমে অসম জনজাতি সাংস্কৃতিক মহাসভা ৰ সমবেত শীৰ্ষ গীত আৰু কাৰবি সাংস্কৃতিক সমাজৰ সমবেত শীৰ্ষ গীত পৰিবেশন কৰা হয়। তাৰ পিছতে সমাৰোহথলীত প্ৰতিস্থিত কাৰবি সংস্কৃতি আৰু লোকসংগীতৰ আদি পুৰুষ ৰূপে পৰিগণিত ছাৰ ৰাংছিনা চাৰপ’ৰ বেদীত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। পুৱা অসম জনজাতি সাংস্কৃতিক মহাসভাৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত সভাপতিত্ব কৰে সাংস্কৃতিক মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱেন্দ্ৰ নাথ বসুমতাৰীয়ে। এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়া,সদস্য আৰু মুখ্য উপদেষ্টা চন্দ্ৰছিং ক্ৰ’, উপদেষ্টা ক্ৰমে ভূৱন চন্দ্ৰ বড়া, থানেশ্বৰ গয়াৰী আৰু পোনাৰাম মিলিৰ উপৰি নৱগঠিত জিলা সমিতিসমূহৰ বিষয়ববীয়া আৰু বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠিত হয় “অসমৰ জনজাতিসকলৰ সাংস্কৃতিক ঐক্যৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যত কৰ্মসূচী” শীৰ্ষক এক আলোচনা চক্ৰ। আলোচক ৰূপে অংশগ্ৰহণ কৰে কাৰবি আংলঙৰ ঠং নকবে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক সাহিত্য অকাডেমি বঁটা প্ৰাপক ড০ প্ৰেমানন্দ মাছাহাৰী আৰু চিকাৰীগেট হাইস্কুলৰ প্ৰধান শিক্ষক তথা বিশিষ্ট সাহিত্যিক আৰু গৱেষক শ্ৰীখয়াছিং হাঞ্চেয়ে। বিয়লি লোকনৃত্য সমাৰোহৰ শুভাৰম্ভ কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰে। প্ৰথমদিনাৰ লোকনৃত্যৰ সামৰণিত সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি আৰু অনুষ্ঠানৰ শুভাৰম্ভ কৰে কাৰবি কালচাৰেল চ’ছাইটিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সংগীত শিল্পী বিদ্যাছিং ৰংপিয়ে উদ্বোধনী ভাষণৰ লগতে তেওঁৰ নিজৰ এটি জনপ্ৰিয় গীত গাই সকলোকে আপ্লুত কৰে। এই সাংস্কৃতিক অনুষ্ঠানত জ্যেষ্ঠ সংগীত শিল্পী আকাশবাণী গুৱাহাটী বি হাই গ্ৰেডৰ শিল্পী জয়মতী নাৰ্জাৰীৰ উপৰি ভালেকেইগৰাকী শিল্পীয়ে নিজ নিজ ভাষাৰ গীত পৰিবেশন কৰাৰ লগতে নৃত্যও পৰিবেশন কৰে। ১৫ ডিচেম্বৰৰ পুৱা গছপুলি ৰোপণেৰে তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী আৰাম্ভ কৰি  লোকনৃত্য সমাৰোহৰ দ্বিতীয় দিনৰ অনুষ্ঠান আৰম্ভ হয়। উল্লেখযোগ্য যে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ উদ্যেগত প্ৰথম বাৰৰ বাবে আয়োজিত এই লোকনৃত্যৰ সমাৰোহত প্ৰায় সকলো জনজাতিৰ লোক কৃষ্টিৰ দলে অংশগ্ৰহণ কৰে। বিয়লি সমাৰোহত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে জনজাতীয় লোকৰ সাংস্কৃতিক চেতনা আৰু দায়িত্ববোধৰ ওপৰত এক মনোগ্ৰাহী ভাষণ প্ৰদান কৰি সকলোকে নিজ নিজ নিজ কৃষ্টি সংস্কৃতিৰ হকে কাম কৰাৰ বাবে আহ্বান জনায়। তেওঁ এইক্ষেত্ৰত কাম কৰিবলৈ আগবাঢ়ি অহাৰ বাবে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ ভূয়সী প্ৰশংসা কৰে। সমাৰোহত পদ্মশ্ৰী ধনেশ্বৰ ইংতি, স্থানীয় বিধায়ক বিদ্যাসিং ইংলেং, স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ, সাধাৰণ সদস্য তিলোত্তমা হাছনু, বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিশ্বেশ্বৰ বসুমতাৰী, বিশিষ্ট সাহিত্যিক থানেশ্বৰ গয়াৰী প্ৰমূখ্যে বহু সংখ্যক গণ্য মান্য ব্যক্তি আৰু সংস্কৃতিবান লোকে অংশগ্ৰহণ কৰে।‌ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই সমাৰোহ উপলক্ষে “ৰাংছিনা” নামেৰে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হয় আৰু এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰে কাৰবি সাহিত্য সভাৰ সভাপতি কামছিং হাঞ্চেই। এই সাংস্কৃতিক সমাৰোহত অসম জনজাতি সাংস্কৃতিক মহাসভাই নিজ নিজ জনজাতিৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষভাবে অৰিহনা আগবঢ়োৱা কাৰবি আংলং জিলাৰ তিনিগৰাকী ব্যক্তিক সম্বৰ্ধনা জনায়। তেওঁলোক হ’ল ক্ৰমে কাৰবি সমাজৰ ৰয় ইংহি, বড়ো সমাজৰ ড০ প্ৰেমানন্দ মাছাহাৰী আৰু তিৱা সমাজৰ লুকাচ মাদাৰ। অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত কাৰবি শিল্পীসকলৰ অসমীয়াত সমবেত কণ্ঠৰ গীতৰ লগতে শিল্পী মঞ্জুমণি কোঁৱৰৰ তিৱা গীত, মঞ্জু মেচ মেচ কছাৰীৰ গীত, পৱিত্ৰ কুমাৰ পেগু, দিপ্তীৰাণী পেগু, মাইকেল দলে, সূৰুয কুমাৰ পাতিৰিৰ মিচিং ভাষাৰ গীত, ৰাজীৱ দেউৰী আৰু জয়মতী নাৰ্জাৰীৰ লগতে আৰু ভালে সংখ্যক শিল্পীয়ে গীত নৃত্য পৰিবেশন কৰে। সমাৰোহৰ সামৰণিত মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে প্ৰথমবাৰৰ বাবে আয়োজিত এই জনজাতি সাংস্কৃতিক সমাৰোহ খনি আয়োজন কৰাৰ ক্ষেত্ৰত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা পোৱা সহায় সহযোগিতা, কাৰবি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰ প্ৰমূখ্যে কাৰবি সাংস্কৃতিক সমাজৰ প্ৰতিগৰাকী বিষয়া কৰ্মী, অভ্যৰ্থনা সমিতিৰ সভাপতি সূৰ্য্য ৰংফাৰ প্ৰমূখ্যে প্ৰতিখন উপ সমিতিৰ সকলো বিষয়া সদস্য, বিভিন্ন জিলাৰ পৰা অহা সকলো জনজাতিৰ সকলো শিল্পী, শিল্পীদলৰ দলপতি, জিলা সমিতিসমূহৰ বিষয়ববীয়া, প্ৰতিনিধিসকল, কেন্দ্ৰীয় সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া, প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা সকলো শিল্পী কৰ্মীয়ে অকুণ্ঠ সহায় সহযোগিতা আগবঢ়াই সমাৰোহ খনি সফলতাৰে সম্পন্ন কৰাত সহায় কৰাৰ বাবে ধন্যবাদ জনায় সমাৰোহৰ সামৰণি মাৰে।

You might also like