নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত জনজাতীয় দিৱস পালন

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ : ভগৱান বীৰছা মুণ্ডাৰ ১৫০ তম জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজিৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে খৈৰবাৰীতো পালন কৰা হৈছে জনজাতীয় গৌৰৱ দিৱস। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় কেন্দ্ৰীয় সঞ্চাৰ ব্যুৰৰ আঞ্চলিক কাৰ্যালয়, গুৱাহাটীৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত খৈৰাবাৰীৰ মহিৰংগ ভৱনত আয়োজন কৰা হৈছে এই দিৱস। আজি পুৱাৰ ভাগত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত পুলক পাটগিৰিয়ে। অনুষ্ঠান শুভ উদ্বোধন কৰি জিলা আয়ুক্ত গৰাকীয়ে দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে জনজাতি অধ্যুষিত এলেকাৰ উন্নয়ন অথবা জনজাতি লোকৰ উন্নয়নৰ কাৰণে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰে এলানি কাৰ্যসূচী হাতত লৈছে। জনজাতীয় গাঁও সমুহৰ ৰাস্তা -ঘাটৰ উন্নয়নৰ লগতে সামাজিক-সাংস্কৃতিক, ব্যৱসায়-বাণিজ্যকে ধৰি সকলো দিশত জনজাতি লোক সকলক আগবঢ়ায় নিয়া আৰু সৰ্ব সাধাৰণ লোকৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমুহৰ সা-সুবিধা কিদৰে লাভ কৰিব পাৰি সেই সন্দৰ্ভত বিশেষ সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ। ইয়াৰ বাবে ভাৰত চৰকাৰে ৬৯০০ কোটি টকা মঞ্জুৰ কৰাৰ কথাও উল্লেখ কৰে জিলা আয়ুক্তগৰাকীয়ে। উদ্বোধনী অনুষ্ঠানত মহকুমাধিপতি ৰিংখাং মছাহাৰী, বিভাগীয় সঞ্চালক বিপুল গড়, ভাৰতীয় তথ্য সেৱা বিষয়া বিদ্যাসাগৰ তালুকদাৰকে ধৰি বিভিন্ন বিভাগৰ চৰকাৰী বিষয়াসকলৰ লগতে খৈৰাবাৰী অঞ্চলৰ ভালে সংখ্যক নেতৃস্থানীয় লোক উপস্থিত থাকে। উল্লেখ্য যে এই উপলক্ষে আয়োজন কৰা প্ৰদৰ্শনীত থলুৱা উৎপাদিত বস্ত্ৰ, পিঠা-পনাৰ বিপণীৰ লগতে আধাৰ ইউটিলিটি কেন্দ্ৰ, আত্ম সহায়ক গোটকে ধৰি চৰকাৰী বিভিন্ন বিভাগৰ ভালেমান বিপণীয়ে অংশ গ্ৰহণ কৰে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like