📌 অহৰহ প্ৰতিবাদৰ বিকল্প একো নাই : মিলন বুঢ়াগোহাঁই
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ডিচেম্বৰঃ অসমৰ বৃহৎ তাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)য়ে জন্মলগ্নৰে পৰা বিভিন্ন প্ৰতিবাদ কৰি অহাৰ লগতে জনগোষ্ঠীটোৰ হাজাৰ-হাজাৰ লোকেও এই ক্ষেত্ৰত মাত মাতি আহিছে। তথাপি বিগত চৰকাৰ সমূহৰ দৰে বিজেপি নেতৃত্বাধীন বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনেও আজিপৰ্যন্ত এই দাবীটো পূৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নকৰি ইয়াক লৈ ৰাজনীতি কৰি অহা পৰিলক্ষিত হৈছে। সেয়েহে বৰ্তমান আহোম জনগোষ্ঠীৰ আটাইকেইটা সংগঠন একত্ৰিত হৈ জনজাতিকৰণৰ দাবীটোক লৈ ৰাজপথৰ সংগ্ৰামখন অধিক তীব্ৰ আৰু অৱধাৰিত ৰূপত আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহন কৰিছে। সেইমৰ্মে অসমৰ বিভিন্ন জিলাৰ লগতে গুৱাহাটীটো সদৌ তাই আহোম ছাত্র সন্থা (আটাছু), তাই আহোম যুৱ পৰিষদ অসম (টাইপা), সদৌ অসম আহোম সভা আহোম আহোম সেনাৰ যৌথ উদ্যোগত কেইবালানিও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি উপৰোক্ত কেউটা সংগঠনৰ যৌথ উদ্যোগত দেশৰ ৰাজধানী নতুন দিল্লীৰ যন্ত্ৰৰ-মন্তৰত “তাই আহোমৰ গৰ্জন” নামক এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়। আমাক জনজাতিকৰণ লাগিবই, ন এছ টি : ন ভোট আদি বিভিন্ন শ্লোগানেৰে নতুন দিল্লীৰ ৰাজপথ কঁপাই তুলি কৰা প্ৰতিবাদস্থলীৰ পৰা আগন্তুক ২০২৬ চনৰ অসমৰ বিধানসভা নিৰ্বাচনটোয়েই বিজেপি চৰকাৰক শেষ সময়সীমা বান্ধি দিছে। প্ৰতিবাদস্থলীত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি কেউটা সংগঠনৰ নেতৃত্বই চৰকাৰক কঠোৰ সমালোচনা কৰি অনতিপলমে এই দাবীটো পূৰণ কৰিবলৈ আহ্বান জনাই নিজ নিজ বক্তব্য প্ৰদান কৰে। সদৌ তাই আহোম ছাত্র সন্থাৰ সভাপতি চাও মিলন বুঢ়াগোহাঁইয়ে প্ৰতিবাদী সভাত বক্তব্য প্ৰদান কৰি কয় যে বিজেপি শাসনত আহিলে তিনি মাহত জনজাতিকৰণ দিম বুলি কৈ তিনিটা কাৰ্যকাল কাৰ্যকালত ভৰি দিলেহি, কিন্তু কোনো কাণ-সাৰ নাই এতিয়া। কিন্তু এতিয়ালৈ নহল। গতিকে এতিয়া আহোম জনগোষ্ঠীৰ ৰাইজে অহৰহ প্ৰতিবাদ কৰাৰ বিকল্প একো নাই। সংগ্ৰাম , সংগ্ৰাম আৰু সংগ্ৰাম। এয়াই আমাৰ একমাত্ৰ অস্ত্ৰ। গতিকে এই অস্ত্ৰ ব্যৱহাৰ এৰি সামাজিক আৰু ৰাজনৈতিক ভাৱে ব্যৱহাৰ কৰিব লাগিব। প্ৰথম সংগ্ৰাম হিচাপে বিজেপিত থকা আহোম জনগোষ্ঠীৰ নেতৃত্ব বহনকাৰী ব্যক্তিসকলক বিজেপিৰ পৰা ওলাই আহিবলৈ হেঁচা প্ৰয়োগ কৰিব লাগিব যাতে আহোমবিহীন বিজেপি দল হৈ পৰে অসমত। তাৰ পাছত জনগোষ্ঠীতোৰ মন্ত্ৰী-বিধায়কসকলক সমষ্টিত প্ৰৱেশ কৰিবলৈ নিদিয়া ব্যৱস্থা কৰি প্ৰতিবাদ কৰিব লাগিব। ৰাইজক এটা বিষয় স্পষ্টকৈ বুজাই দিব লাগিব গাঁওৱে-গাঁওৱে, চুবুৰীয়ে-চুবুৰীয়ে সজাগতা সভা পাতি যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে আহোমে জনজাতিকৰণ নাপায় কাৰণ এই বৃহৎ জনগোষ্ঠীটোক জনজাতিকৰণ কৰিলে তেওঁৰ ৰাজনীতি ভৱিষ্যত সুৰক্ষিত হৈ নাথাকে। বিশেষকৈ বিগত যোৰহাট লোকসভা সমষ্টিত বিজেপি দলৰ পাৰ্থিক শোচনীয়ভাৱে আহোম জনগোষ্ঠীৰ লোকে পৰাজয় কৰোৱাত তেওঁ আহোম জনগোষ্ঠীটোক ব্যক্তিগতভাৱে লক্ষ্য কৰি লৈছে। গতিকে জনজাতিকৰণ দিব বুলি আমি তেওঁৰ ওপৰত আশা কৰি থকাতকৈ ৰাজনৈতিকভাৱে চিন্তা-চৰ্চা কৰি আহোমক গুৰুত্ব নিদিলে কি কৰিব পাৰো দেখুৱাই দিব লাগিব। এতিয়া জনজাতিকৰণ বিচাৰি আন্দোলন কৰাতকৈ অসমত বিজেপিবিৰোধী সংগ্ৰাম কৰাটোয়ে উচিত হব। আজি এই প্ৰতিবাদৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰো যে অসমত আমাৰ সংগ্ৰাম এতিয়া জনজাতি বিচাৰি নহয় ৰাইজক সজাগ কৰি বিজেপি বিৰোধী আন্দোলন কৰিবলৈ আৰম্ভ কৰিছোঁ আমি আহোম সংগঠনসমূহে। মুঠৰ ওপৰত এতিয়াৰ পৰা বাই-বাই হিমন্ত আৰু বাই-বাই বিজেপিয়েই আমাৰ মূলমন্ত্ৰ হব। টাইপাৰ সভাপতি দিগন্ত চাংমাইয়ে বক্তব্য প্ৰদান কৰি কয় যে ২০২৬ চনৰ অসমৰ বিধানসভা নিৰ্বাচনৰ আগত তাই আহোমক জনজাতি প্ৰদান নকৰিলে আমি আহোম ৰাইজে বিজেপিৰ ক্ষেত্ৰতএটা নীতি লব লাগিব। সেই নীতি হৈছে ন এছ টি, ন ভোট। কংগ্ৰেছ চৰকাৰক যিদৰে আমি আমাৰ দাবী পূৰণ নকৰাৰ কাৰণে উফৰাই দিয়া হল তেনেকৈ বিজেপিকো এয়েই কৰিব লাগিব। সদৌ অসম আহোম সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰে বক্তব্যত কয় যে এইখন চৰকাৰে আহোমক জনজাতিকৰণ নকৰি কেৱল আমাক লৈ ৰাজনীতি কৰি আহিছে। আমি ঐক্যবদ্ধ আন্দোলন কৰিব লাগিব। ঐক্যবদ্ধ ভাৱে আমি সমষ্টিয়ে সমষ্টিয়ে ৰাইজৰ ওচৰত গৈ সজাগ কৰাব লাগিব যাতে নিৰ্বাচনত ৰাজনীতি ভাৱে উত্তৰ দিব পৰা যায়। অন্যথা আমাৰ বিকল্প নাই। প্ৰতিবাদী সভাত বক্তব্য প্ৰদান কৰি আহোম সেনাৰ সভাপতি অংকুৰণ ফুকনে কয় যে এইখন চৰকাৰ মিথ্যাচাৰী চৰকাৰ, আমাক জনজাতি প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন আজিলৈকে দাখিল নকৰাটোৱেই মিথ্যাচাৰৰ প্ৰমাণ। গতিকে আমি কেৱল সংগ্ৰাম কৰি যাব লাগিব, দিছ্পুৰ, দিল্লী কপোৱা সংগ্ৰাম কৰিব লাগিব। গাওঁৱে গাওঁৱে ৰাইজক বুজাব লাগিব যে জনজাতিকৰণ কি কাৰণে আমি বিচাৰিছোঁ।