নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ ৰূপহীহাটৰ ছাইদৰীয়াত আজি দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয় ৷ নগাঁও-নলতলী ৰাজ্যিক ঘাইপথত বাগৰি পৰিল এখন তুলাভৰ্তি ট্ৰাক।তেজপুৰৰ পৰা নগাওঁ অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় এখন তুলাভৰ্তি ট্ৰাক।ৰূপহীহাটৰ ছাইদৰীয়াত ৰাজ্যিক ঘাইপথৰ ওপৰত কালবাৰ্টৰ গাতত পৰি বাগৰি পৰে তুলা কঢ়িয়াই অনা ট্ৰাকখন।দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ হৈছে এএছ-১২-বিচি-৮৬৬৬ ৷ উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ট্ৰাক চালকজন ৷ গুৰুতৰভাবে আহত হোৱা চালকজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ ৰূপহী মডেল হস্পিতালত ভৰ্তি কৰোৱায়। ঠিকাদাৰে পথ নিৰ্মাণত প্ৰাককলন উলংঘা কৰি পালমাৰা বিধৰ পথৰ কাম কৰাৰ বাবেই উক্ত পথত সঘনাই পথ দুৰ্ঘটনাৰ দৰে ঘটনা সংঘটিত হয় ঠাইডোখৰত।বিভাগীয় প্ৰাককলন উলংঘা কৰি নিৰ্মাণ কৰা পথছোৱা অতি শীৰ্ঘ্ৰেই মেৰামতি কৰাৰ দাবী স্থানীয় ৰাইজৰ লগতে পথচাৰী সকলৰ।ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
প্ৰেৰক জহিৰুল ইছলাম