নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰছলাত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, বিধ্বস্ত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি, তীব্ৰ চাঞ্চল্য

বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৰছলা আৰক্ষী চকীৰ সন্মুখত অসম মালা পথত এখন ১২ চকীয়া ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ ওপৰত বাগৰি পৰি সুধাকণ্ঠৰ প্ৰতিমূৰ্তি বিধ্বস্ত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত। ঘটনাৰ বিৱৰণী অনুসৰি আজি দলগাঁৱৰ পৰা ঢেকিয়াজুলি অভিমুখে আহি থকা AS01 EC 4641নম্বৰৰ এখন চেনি কঢ়িয়াই অনা বাৰচকীয়া চেনিভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বৰছলা আৰক্ষী চকীৰ সন্মুখত অসম মালা পথত দুৰ্ঘটনাগ্ৰস্ত হৈ আৰক্ষী চকীৰ সন্মুখত স্থাপিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ ওপৰত বাগৰি পৰাত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালক হেণ্ডিমেনে লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ততাতৈয়াকৈ ঘটনাস্থলীত বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁই উপস্থিত হৈ বাগৰি পৰা ট্ৰাকখন উঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চেনীখিনি সুৰক্ষিত স্থানত নিয়াৰ ব্যৱস্থা কৰে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে, ঢেকিয়াজুলিৰ পৰা বৰছলা হৈ দলগাঁৱলৈ যোৱা অসম মালাৰ পথছোৱাৰ বৰছলা আৰক্ষী চকীৰ সন্মুখতে প্ৰায়েই দুৰ্ঘটনা সংঘটিত হোৱাত ইতিমধ্যেই বহুলোক আঘাতপ্ৰাপ্ত হ’বলগীয়া হৈছে। বৰছলা আৰক্ষী চকীৰ সন্মুখৰ কেঁকুৰিটো অসম মালাৰ পথ নিৰ্মাণ কৰা অভিযন্তাই বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ পৰিপ্ৰেক্ষিততে উক্ত স্থানত প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। শীঘ্ৰেই অসম মালাৰ পথ নিৰ্মাণ কৰা বিষয়া, ঠিকাদাৰ, অভিযন্তাক বৰছলা আৰক্ষী চকীৰ সন্মুখত আঁসোৱাহপূৰ্ণভাৱে নিৰ্মাণ কৰা মৃত্যুদূতৰূপী কেকুঁৰীটো প্ৰাক্‌কলন মতে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like