নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুৰৈঘাটত গৰুভৰ্তি  ট্ৰাকসহ‌ আটক ৪

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : অবৈধভাৱে গাড়ীত গৰু সৰবৰাহ কৰা চৰকাৰে বন্ধ কৰাৰ সময়তে একাৎশ গৰু বেপাৰীয়ে গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে। বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুছিঙ বেই আজি ছয় মাহৰ ভিতৰত দহখনৰো অধিক অবৈধভাৱে গৰু সৰবৰাহ কৰা গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে।   বিহালী সমষ্টিৰ অন্তৰ্গত বুৰৈঘাটত আজি পুৱা গৰুভৰ্তি ট্ৰাক জব্দ কৰে বিহালী আৰক্ষীয়ে। তথ্য মতে, বিহালী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পুৱতি নিশা বুৰৈঘাটত নাকাচেকিং লগায়। সেই সময়ত দুখন  গৰুভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে । আটকাধীন ট্ৰাকচালকে প্ৰথমে গৰু ক’ৰ পৰা ক’লৈ নিব তাৰ ভুল তথ্য দিছিল যদিও আৰক্ষীৰ ধমকত এই গৰুবোৰ অৰুণাচলৰ পাছিঘাটৰ পৰা ধুবুৰীলৈ লৈ যোৱাৰ কথা স্বীকাৰ কৰে। ট্ৰাক দুখনৰ নম্বৰ  AS-01 QC-3867 আৰু AS-14C-6194। দুয়োখন ট্ৰাকত সৰ্বমুঠ ৫০টা গৰু আছিল । বৰ্তমান আটকাধীন চালক-হেণ্ডিমেন ৪জনক সোধা-পোছা অব্যাহত ৰাখিছে বিহালী আৰক্ষীয়ে।আটকাধীন হেণ্ডিমেন আৰু চালক হৈছে হৰি সিনহা, হবিবুৰ আলী, মহম্মদ নায়েৰ আলী, আচমত আলী।
প্ৰেৰক ভুবন লুইটেল
You might also like