নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ পহুকটাত চোৰাং গৰুভৰ্তি ট্ৰাক জব্দ

নিয়মীয়া বাৰ্তা, ২৬ জুন : গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহন কৰি থকাৰ সময়তে এচাম গো-মাফিয়াই বহিঃ ৰাজ্যলৈ চোৰাং গৰু সৰবৰাহ অব্যাহত ৰখিছে ৷ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটা অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি চামগুৰি আৰক্ষীয়ে এখন চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে আজি পুৱতিনিশা কলিয়াবৰ দিশৰ পৰা নগাঁও অভিমুখে এএছ ২৫ ডি চি ০৮০৭ নম্বৰৰ ৪০৭ কন্টেনাৰ ট্ৰাক খনত চোৰাং গৰু কঢ়িয়াই আনি থকা অৱস্থাত চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটা অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত পথৰ নিয়ন্ত্ৰণ হেৰুৱাই বোকাত সোমাই পৰে ৷ পৰৱৰ্তী সময়ত গাড়ী খন পথৰ কাষৰ বোকাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰি চালক আৰু পৰিচালকে গাড়ী খন এৰি পলায়ন কৰে বুলি স্থানীয় একাংশ লোকে জানিবলৈ দিয়ে ৷ আনহাতে উক্ত গাড়ী খনৰ সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ উক্ত চোৰাং গৰু ভৰ্তি ট্ৰাক খন জব্দ কৰি চামগুৰি আৰক্ষী থানালৈ নিয়ে ৷ আনহাতে আজি পুৱা আৰক্ষীয়ে জব্দ কৰা উক্ত ট্ৰাক খনৰ পৰা ১৪ টা চোৰাং গৰু উদ্ধাৰ কৰি গোশালালৈ প্ৰেৰণ কৰাৰ লগতে চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like