নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ তিনিচুকীয়া জিলাখনেৰে অন্যতম এক শক্তিশালী সাংবাদিক সংগঠন মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ২০২২ বৰ্ষৰ নতুন সমিতিৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা আজি মাৰ্ঘেৰিটা পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত হয়। মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ নৱনিযুক্ত সভাপতি পাৰ্থ প্ৰতীম গোস্বামীয়ে পৌৰহিত্য কৰা সভাখনৰ উদেশ্য বাখ্যা আগবঢ়াই সহকাৰী সম্পাদক মানস প্ৰতিম গগৈয়ে। সভাত সম্পাদক প্ৰশান্ত চেতিয়াই সংস্থাৰ বিগত অধিবেশনৰ বিভিন্ন দিশৰ ওপৰত আলোচনা আগবঢ়ায় । সভাই বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি ৯ টা প্রস্তাৱ গ্রহণ কৰে । সভাই মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ পূৰ্বৰ গৰিমা অটুট ৰাখি সামাজিক দায়বদ্ধতাৰে সকলো সদস্যই কাম কৰি যোৱাৰ সংকল্প গ্রহণ কৰে । আজিৰ সভাত উপসভাপতিদ্বয় সমীৰণ বৰঠাকুৰ আৰু বিকাশ বৰুৱাৰ লগতে কোষাধ্যক্ষ মিঠুন বৰুৱা, কাৰ্য্যনিৰ্বাহক সদস্য প্রতীক ছেত্রী, কিশন লামা, জাহিদ আলি, আব্দুল আলিম, অৰুণ ভূঞা আদি উপস্থিত থাকে ।
প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like