নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : ধেমাজিৰ চিলাপথাৰত আৰক্ষীৰ অভিযানত উৎখাত হৈছে এটি চোৰাং কাৰবাৰৰ ঘাটি। অসম-অৰুণাচল সীমান্তৱৰ্তী মাদুৰিপথাৰৰ কাবাৰিত গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰে এখন ১৪ চকীয়া চোৰাং ট্ৰাক। দেওবাৰে দিনৰ ১০ বজাত আৰক্ষীয়ে জনোৱা মতে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ পৰা চোৰাং বেপাৰীয়ে ট্ৰাকখন চুৰি কৰি কাবাৰিত বিক্ৰী কৰিবলৈ আহিছিল এটা বৃহৎ চক্ৰ। আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা চুৰি চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড আব্দুল আলীয়ে পলাই যায় যদিও চোৰাং কাৰবাৰৰ লগত জড়িত ৰাহুল মিলি (২২) নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰিছে। জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে MP-17 WL-3313 । ট্ৰাকখনৰ মালিক নামচাইৰ অশোক ডুবে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই চোৰাং কাৰবাৰৰ লগত এটি বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ৰাহুল টায়ে নামৰ লোকজনৰ কাবাৰিত উদ্ধাৰ হয় এই চোৰাং ট্ৰাকখন।
প্ৰেৰক কৰবী দলে