৩১ ডিচেম্বৰত আমাৰ আলহী নহ’ব কোনে সকীয়ালে কাক
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ নৱবর্ষলৈ মাজতে মাত্র কেইঘণ্টামান বাকী৷ থার্টী ফার্ষ্ট উদ্যাপনৰ বাবে গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যখনতে চলিছে ব্যাপক প্রস্তুতি । থার্টী ফার্ষ্টৰ পার্টী উদযাপনৰ বাবে চৰকাৰে সান্ধ্য আইন প্রত্যাহাৰ কৰিছে যাতে শান্তিপূর্ণভাৱে ৰাইজে থার্টী ফার্ষ্ট উদযাপন কৰিব পাৰে৷
এনে সময়তে এক সকীয়নী আহিছে অসম আৰক্ষীৰ তৰফৰ পৰা। আৰক্ষী তৰফৰ পৰা সকীয়াই দিয়া হৈছে যে যদি কোনোবাই অত্যাধিক সুৰাপান কৰি গাড়ী চলাই তেতিয়া হ’লে আমাৰ আলহী হ’বলৈ সাজু থাকক। অসম আৰক্ষীয়ে সামাজিক মাধ্যমৰ যোগেদি এই কথা প্ৰচাৰ কৰিছে।
If your New Year’s Eve plans include drunk and/or rash driving, this invitation is for you.
P.S – Stag Entry Allowed. #ThinkBeforeYouDrive #NewYearsEveParty pic.twitter.com/wnNkONUK9U
— Assam Police (@assampolice) December 30, 2021
উল্লেখ্য বিগত ৩১ ডিচেম্বৰত পথ দুৰ্ঘটনাত ২৯ জন লোকৰ মৃত্যু হৈছিল। যাৰ বাবে এইবাৰ কঠোৰ হৈছে আৰক্ষী তথা প্ৰশাসন।