নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ বহু বিবাহৰ বিৰূদ্ধে কঠোৰ আইন অনাৰ বাবে ৰাজ্য চৰকাৰৰ তৎপৰতা অব্যাহত থকাৰ মাজতে আজি বহু বিবাহৰ কুফলৰ এক ৰূপে উঠি আহি আহি আজি ধুবুৰীত এগৰাকী বিবাহিত মহিলাই বৰ লুইতত আত্মহত্যাৰ প্ৰয়াস চলায়। অৱশ্যে চহৰখনৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুনী পাৰঘাটৰ পৰা বৰ লুইতত জপিয়াই আত্মহত্যা কৰিব বিচৰা দ্বিতীয়া পত্নীক স্বামীয়েই উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভে জানিব পৰা মতে, ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী মাজেৰচৰৰ বাসিন্দা শুকুৰ আলী নামৰ ব্যক্তি এজনে প্ৰথমা পত্নীক্ ধৰি তিনিগৰাকী সন্তান থকা স্বত্বেও চাৰি মাহ মান পূৰ্বে অইন এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। দুয়োপক্ষই পৰিয়ালৰ অমতত কৰা এই বিয়াখন লৈ আজি দুপৰীয়া ধুবুৰীৰ ১ নং ৱাৰ্ডস্থিত নেতাই পাৰঘাটত উভয় পক্ষৰ অভিভাৱকৰ মাজত এক বৈঠক হোৱাৰ কথা আছিল। উক্ত স্থানত উপস্থিত থকা এগৰাকী প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দুয়োটা পৰিয়ালৰ মাজত হ’বলগীয়া বৈঠকখন আৰম্ভ হোৱাৰ পূৰ্বে অকষ্মাতে শুকুৰ আলীৰ দ্বিতীয়া পত্নীয়ে কাষতে থকা বৰলুইতত জাঁপ মাৰে। অৱশ্যে স্বামী আলীৰ তৎপৰতাতে মহিলা গৰাকীৰ প্ৰাণ ৰক্ষা পৰে। ইপিনে ঘটনা সন্দৰ্ভে অৱগত হৈ ঘটনাস্থলী স্থানীয় সাংবাদিক দল এটা উপস্থিত হোৱাৰ পূৰ্বেই শুকুৰ আলী আৰু তেওঁৰ দ্বিতীয় পত্নীয়ে সেই স্থান ত্যাগ কৰে। অৱশ্যে শেহতীয়া খৱৰ অনুসৰি আৰক্ষীৰ তৎপৰতাত বৰ্তমানে মহিলাগৰাকী ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত হাস্পাতালত চিকিৎসাৰত।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী