নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যালয়লৈ অহা নাবালিকাক অপহৰণৰ অপচেষ্টা : আটক দুই অভিযুক্ত

বিশেষ বাৰ্তা, ৩০ আগষ্ট : বিদ্যালয়লৈ অহা নাবালিকা ছাত্ৰীক অপহৰণৰ অপচেষ্টা চলাই আৰক্ষীৰ জালত পৰিছে দুই অভিযুক্ত। ঘটনাটো সংঘটিত হৈছিল কলিয়াবৰ আৰক্ষী থানা এলেকাধীন নিজ চিলাবন্ধাত। কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এগৰাকী নাবালিকা ছাত্ৰীয়ে বিদ্যালয়লৈ আহি থকা সময়তে টমটমত অহা তিনি দুৰ্বৃত্তই ছাত্ৰীগৰাকীক অপহৰণৰ অপচেষ্টা চলায় যদিও কথমপি অপহৰণকাৰীৰ কবলৰ পৰা ৰক্ষা পৰে ছাত্ৰীগৰাকী। সোমবাৰে সংঘটিত এই ঘটনা সন্দৰ্ভত কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অম্লান গোস্বামীয়ে কলিয়াবৰ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্ত ক্ৰমে অপ্ৰজিৎ মণ্ডল আৰু বিপন অধিকাৰীক গ্ৰেপ্তাৰ কৰিছে। ছাত্ৰীগৰাকীৰ পিতৃয়ে কলিয়াবৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা ৭৭/২৪ নম্বৰৰ গোচৰত দুই অভিযুক্ত ক্ৰমে ১নং ভূৰবন্ধাৰ অপ্ৰজিৎ মণ্ডল আৰু উত্তৰ ভোমোৰাগুৰিৰ বিপন অধিকাৰীক কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। বৰ্তমানে পলাতক হৈ আছে আন এটা অভিযুক্ত। ঘটনাৰ খবৰ পাই স্থানীয় মহিলাৰ এটি দল কলিয়াবৰ আৰক্ষী থানাত উপস্থিত হৈ দোষীৰ বিৰুদ্ধে শাস্তিৰ দাবী তোলে । দুৰ্বৃত্তৰ দলটিয়ে ব্যৱহাৰ কৰা টমটমখনৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানে টমটমখনৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ লগতে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়া মতে, জখলাবন্ধাৰ এটা ইটাভাতাত শ্ৰমিক হিচাপে কাম কৰাৰ বিনিময়ত পিতৃগৰাকীৰ পৰা আগধন হিচাপে ধন লোৱা কাৰ্যক কেন্দ্ৰ কৰি অপহৰণৰ ঘটনাটো সংঘটিত হয়।

প্ৰেৰক কনক হাজৰিকা

You might also like