নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত নিচাজাতীয় দ্ৰব্যসহ দুজনক আটক

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ : বিলাসীপাৰাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত বিলাসীপাৰা চহৰৰ মাছ বজাৰত নিষিদ্ধ ড্ৰাগছ সেৱন কৰি থকা সময়ত হাতে-লোটে আটক কৰে দুই ড্ৰাগছ মাফিয়াক। বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান। আটকাধীন যুৱক দুজন ক্ৰমে মঞ্জু আলম সৰকাৰ আৰু বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে। মঞ্জু আলম সৰকাৰৰ ঘৰ বিলাসীপাৰা চহৰৰ ১১ নম্বৰ ৱাৰ্ডত আৰু বাহাৰুল ইছলামৰ ঘৰ কাঠালদি ১ম খণ্ড গাঁৱত। মঞ্জু আৰু বাহাৰুলে বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ আছিল। দুয়োজনৰ পৰা নিচাজাতীয় দ্ৰব্য আৰু টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে। সম্প্ৰতি যুৱক দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like