নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাৰ বৰগোলাইত ড্ৰাগছসহ আটক দুই

নিয়মীয়া বাৰ্তা, ২৯ মেঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছবিৰোধী অভিযান ৷ আজি বিয়লি মাৰ্ঘেৰিটা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৰগোলাই অঞ্চলৰ পৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ সৰবৰাহকাৰী দুই যুৱক ক্ৰমে আৰ কে পেগু আৰু নামদাংৰ আকাশ পুৰ্তি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷ দুয়োৰে পৰা আৰক্ষীয়ে প্ৰায় ১০ গ্ৰামতকৈ অধিক ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like