নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুদামঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই

নিয়মীয়া বাৰ্তা, ২৯ মে’ : শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি আজি চাৰিদুৱাৰ আৰক্ষীয়ে গুদামঘাটত ড্ৰাগছবিৰোধী এক অভিযান চলায় । অভিযানকালত চাৰিদুৱাৰ আৰক্ষীয়ে গুদামঘাটৰ এটা ঘৰৰ পৰা ৪৮টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰ, দুটা মোবাইল ফোন, নগদ ১৭ হাজাৰ টকা জব্দ কৰাৰ লগতে দুজনকৈ লোকক আটক কৰে । আটকাধীন লোক দুজন ক্ৰমে বাপন কলিতা আৰু বিপুল ইছলাম । জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য পঞ্চাশ হাজাৰ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like