নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত চাউলীয়াবৰীত বহু পৰিমাণৰ বিদ্যুতৰ চোৰাং তাঁৰসহ দুজন ব্যক্তিক সৰুপেটা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি সৰুপেটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কিশোৰ কুমাৰ শৰ্মাৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে সৰুপেটাৰ সমীপৰ চাউলীয়াবৰীৰ হাজিৰ চ’কত খাপ পিটি থাকি এ এছ-১৫ এচি-৩৬২৪ নম্বৰৰ এখন টাটা এচি গাড়ীত বোজাই কৰি অনা চৈধ্য বস্তা চোৰাং বিদ্যুতৰ তাঁৰসহ চাউলীয়াবৰী গাঁৱঁৰ সমুল আলী (৫০) আৰু বাটুৱা গাঁৱৰ জলিল আলীক (৩৮ ) আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আটকাধীন লোক দুজনক জেৰা চলোৱাত তেওঁলোকে স্বীকাৰোক্তি দিয়া অনুসৰি তেওঁলোকে বাটুৱা এল পি স্কুলৰ শিক্ষক আব্দুল চালামৰ মালিকানাধীন ডেম্পত হাজিৰা কৰা সূত্ৰে শিক্ষকগৰাকীৰ নিৰ্দেশত উক্ত সামগ্ৰীখিনি শিক্ষকগৰাকীৰ বাসগৃহৰ পৰা চাউলীয়াবৰীত থকা ডেম্পলৈ লৈ আনিছিল বুলি কয় । আনহাতে, উক্ত লোক দুজনক আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে উক্ত চোৰাং কাৰবাৰৰ লগত জড়িতসকলৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
প্ৰেৰক ভূষণ তালুকদাৰ