নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-বাংলাদেশ কৰিমগঞ্জ সীমান্তত আটক ২ বাংলাদেশী যুৱক-যুৱতী

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ : ভাৰত-বাংলাদেশ কৰিমগঞ্জ সীমান্তত বি এছ এফে আটক কৰে দুই বাংলাদেশী নাগৰিকক । আটক কৰাৰ পিছত দুয়োকে পুনৰ বাংলাদেশলৈ ওভতাই পঠোৱা হয়। শুকুৰবাৰে সামাজিক মাধ্যম ফেচবুকত এটা পোষ্টযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰিছে। তেওঁ কয়- অনুপ্ৰৱেশ ৰোধৰ প্ৰতি আমাৰ শূন্য সহনশীল নীতি অব্যাহত আছে আৰু ভৱিষ্যতলৈও থাকিব৷ কৰিমগঞ্জত আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰি আমাৰ ভূমিত সোমাবলৈ চেষ্টা কৰা দুই বাংলাদেশী নাগৰিক দিলাৰা বেগম আৰু শোৱেল হাওলাদাৰক আটক কৰি পাছত বাংলাদেশলৈ ওভতাই পঠিওৱা হয়৷

প্ৰেৰক গৌতম তালুকদাৰ

You might also like