নকছাৰি মৰঙীয়ালত দুটাকৈ ভালুকৰ পোৱালি উদ্ধাৰ
বিশেষ বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ মৰিয়নি নকছাৰিৰ অসম নগালেণ্ড সীমান্তৱৰ্তী দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত দুটাকৈ আপুৰুগীয়া ভালুকৰ পোৱালি উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৰঙীয়ালৰ অসম আৰক্ষীৰ সীমান্ত নিৰীক্ষণ চকী (বি অ’ পি)ৰ পৰা নাতিদূৰৈত এই ভালুকৰ পোৱালি দুটা উদ্ধাৰ হয়। মৰঙীয়ালৰ পবিত্ৰ গগৈ নামৰ লোকজনে সংৰক্ষিত বনাঞ্চলখনত অকলশৰীয়া অৱস্থাত ভালুকৰ পোৱালি কেইটা প্ৰত্যক্ষ কৰে। প্ৰথম অৱস্থাত লোকজনে সেয়া কিহৰ পোৱালি তাক জানিব পৰা নাছিল যদিও পিছত ভালুকৰ পোৱালি বুলি নিশ্চিত হয়। লোকজনে পোৱালি কেইটা উদ্ধাৰ কৰি বন বিভাগক খৱৰ দিয়ে। মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত আৰু মৰঙীয়াল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ অধীনস্থ দিছৈ ভেলীত উদ্ধাৰ হোৱা এই ভালুকৰ পোৱালি কেইটাৰ বিষয়ে বন বিভাগক অৱগত কৰাত মৰঙীয়ালৰ খণ্ড বন বিষয়া গিৰিধৰ শইকীয়াৰ নেতৃত্বত বন বিভাগৰ দল উক্ত স্থানত উপস্থিত হৈ পোৱালি কেইটা উদ্ধাৰ কৰে। প্ৰায় দুমহীয়া বয়সৰ পোৱালি দুটা মাইকী বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে। পিছত পোৱালি কেইটা মৰিয়নিৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়লৈ লৈ অনা হয়। বাতৰি লিখাৰ পৰলৈকে দুয়োটা পোৱালি কাৰ্য্যালয়তে ৰখা হৈছে। পোৱালিকেইটা ক’লৈ প্ৰেৰণ কৰা হ’ব সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই। উদ্ধাৰ কৰা ভালুকৰ পোৱালি কেইটা কি প্ৰজাতিৰ সেয়া জানিব পৰা হোৱা নাই যদিও দুষ্প্ৰাপ্য ‘এচিয়াটিক ব্লেক বিয়েৰ’ প্ৰজাতিৰ বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভালুকৰ উপস্থিতিৰ বিষয়ে এই মুহূৰ্তলৈকে নিশ্চিত তথ্য লাভ কৰা নাই যদিও কাষৰীয়া দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত ভালুকৰ উপস্থিতিৰ উমান পোৱা গৈছিল। বন বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে, দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত বনকৰ্মীয়ে টহল দিওঁতে বিভিন্ন সময়ত ভালুক প্ৰত্যক্ষ কৰাৰ লগতে একাধিকবাৰ ভালুকে বনকৰ্মীক লক্ষ্য কৰি খেদি অহাৰ ঘটনাও ঘটিছে। কিন্তু আজিলৈকে ভালুকৰ পোৱালি প্ৰত্যক্ষ কৰা বা উদ্ধাৰ কৰা হোৱা নাছিল। এইয়াই প্ৰথমবাৰলৈ ভালুকৰ পোৱালি উদ্ধাৰ হৈছে বুলি সূত্ৰটোৱে লগতে জানিবলৈ দিয়ে। দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত এইদৰে দুটাকৈ ভালুকৰ পোৱালি উদ্ধাৰ হোৱাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া